কংগ্ৰেছত জোকাৰণি! শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল অংকিতা দত্তৰ, শাৰীৰিক নিৰ্যাতনৰ অভিযোগ

নিউজ ডেস্কঃ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে এজাহাৰ দাখিল অংকিতা দত্তৰ।

দিছপুৰ থানাত অংকিতা দত্তই দাখিল কৰিছে এজাহাৰ।

এজাহাৰত শাৰীৰিক নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ অংকিতা দত্তৰ।

ইফালে এজাহাৰ দাখিলৰ পিছতে তেওঁক শীঘ্ৰে কাৰণ দৰ্শোৱাৰ নিৰ্দেশ কংগ্ৰেছৰ।

উল্লেখ্য যে কৰ্ণাটক নিৰ্বাচনৰ ঠিক পূৰ্বে কৰ্ণাটক কংগ্ৰেছৰ নেতা তথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীনিবাসৰ বিৰুদ্ধে অভিযোগ তুলিছিল অংকিতা দত্তই।

কংগ্ৰেছত লিংগ বৈষম্যৰ বলি হোৱাৰো অভিযোগ অংকিতাৰ।

অসমৰ কংগ্ৰেছ নেত্ৰীগৰাকীৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশৰ ৰাজনীতিত।

বিশেষকৈ কৰ্ণাটকৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে অংকিতাৰ অভিযোগে।

বিজেপিৰ প্ৰৰোচনাত পৰি অংকিতা দত্তই এই বিসম্বাদ আৰম্ভ কৰাৰ অভিযোগ একাংশৰ কংগ্ৰেছীৰ।