এজ ইজ জাষ্ট এ নাম্বাৰ… অৱসৰৰ পাছতো এই কাম কৰি দেখুৱালে এগৰাকী ৭১ বৰ্ষীয় বেংক বিষয়াই

নিউজ ডেস্কঃ বয়স যে এটা সংখ্যাৰ বাহিৰে আন একো নহয়, সেয়া পুনৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী সত্তৰোৰ্দ্ধৰ বেংক বিষয়াই। দেশৰ অন্যতম কঠিন পৰীক্ষা হিচাপে পৰিচিত চাৰ্টাৰ্ড একাউণ্টেণ্ট (চিএ) পৰীক্ষাত অৱতীৰ্ণ হৈ অসম্ভৱক যেন সম্ভৱ কৰি দেখুৱালে জয়পুৰৰ ৭১ বছৰীয়া অৱসৰপ্ৰাপ্ত বেংক মেনেজাৰ তাৰা চান্দ আগৰৱালে। তাৰা চান্দৰ এই সাফল্যই এতিয়া দেশজুৰি বুটলিছে প্ৰশংসা।

হনুমানগড়ৰ ছাংগৰিয়াত কৃষক-ব্যৱসায়ী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আগৰৱালে। আঠজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল চতুৰ্থজন। ছাংগাৰিয়াত স্কুলীয়া শিক্ষা সমাপ্ত কৰি ১৯৭৪ চনত দৰ্শনা নামৰ এগৰাকী মহিলাক বিয়া কৰাই ১৯৭৬ চনত ষ্টেট বেংক অৱ বিকানেৰ আৰু জয়পুৰ (বৰ্তমান ষ্টেট বেংক অৱ ইণ্ডিয়া)ত কেৰাণী হিচাপে যোগদান কৰে।

২০২০ চনৰ নৱেম্বৰ মাহত পত্নীৰ মৃত্যুৰ পিছত আগৰৱালে পুনৰ কিতাপৰ জগতলৈ ঘূৰি আহে। তেওঁ কয়, ”সেই সময়ত মোৰ জীৱনত বহুত শূন্যতা আছিল। মোৰ সন্তান আৰু নাতি-নাতিনী মোৰ লগত থাকিলেও মই একোতে গুৰুত্ব দিব পৰা নাছিলো।”

image 4
এজ ইজ জাষ্ট এ নাম্বাৰ… অৱসৰৰ পাছতো এই কাম কৰি দেখুৱালে এগৰাকী ৭১ বৰ্ষীয় বেংক বিষয়াই 3

সন্তানৰ পৰামৰ্শ মতে তেওঁ ভাগৱত পঢ়িবলৈ আৰম্ভ কৰিলে আৰু তাৰ যোগেদি তেওঁ শিক্ষণৰ প্ৰতি এক নতুন প্ৰেম বিচাৰি পালে।

যদিও তেওঁ প্ৰথমে পি এইচ ডি কৰাৰ কথা ভাবিছিল, তথাপিও তেওঁৰ সন্তানসকলে তেওঁক অধিক প্ৰত্যাহ্বানমূলক কাম এটা কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰাচান্দে কয়, “মোৰ ল’ৰা-ছোৱালী কেইটাই কৈছিল- চি এ কৰক। এয়া কঠিন, কিন্তু ই আপোনাক স্বীকৃতি দিব। মোৰ নাতিনীয়েও কৈছিল, ‘যদি আপুনি মোক বাট দেখুৱাব পাৰে, তেন্তে আপুনি নিজেই কিয় কৰিব নোৱাৰে?’

২০২২ চনৰ মে’ মাহত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২৩ চনৰ জানুৱাৰী মাহত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয় তাৰা চান্দ। ইয়াৰ পিছত ২০২৪ চনৰ মে’ মাহত প্ৰথমবাৰৰ বাবে চূড়ান্ত পৰীক্ষাত ব্যৰ্থ হোৱাৰ পিছত এই বছৰ সফলতা লাভ কৰে।৬ জুলাইত আইচিএআইৰ ৱেবছাইটত ফলাফল ঘোষণা কৰা হয়।

image 5
এজ ইজ জাষ্ট এ নাম্বাৰ… অৱসৰৰ পাছতো এই কাম কৰি দেখুৱালে এগৰাকী ৭১ বৰ্ষীয় বেংক বিষয়াই 4

প্ৰতিদিনে ১০ ঘণ্টা পৰ্যন্ত অধ্যয়ন কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ৭১ বৰ্ষীয় তাৰা চান্দে। কান্ধৰ বিষৰ পিছতো ঘণ্টাৰ পিছত ঘণ্টাধৰি কৰিছিল লিখাৰ অভ্যাস। কোনো পেছাদাৰী সহায় অবিহনেই কেৱল কিতাপ আৰু অনলাইনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুতি চলাই গৈছিল তেওঁ।

উল্লেখ্য যে, তাৰা চান্দৰ জ্যেষ্ঠ পুত্ৰ ললিতো দিল্লীত চি এ হোৱাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ অমিত এগৰাকী কৰ বিষয়া।

তাৰা চান্দে কয়, ”ল’ৰা-ছোৱালী, নাতি-নাতিনীসকলৰ উৎসাহ দেখি ময়ো উৎসাহ পাইছিলো। সিঁহতেই মোৰ বাবে লেপটপ যোগাৰ কৰি দিছিল, ৰেজিষ্ট্ৰেশ্যন কৰাত সহায় কৰি দিছিল। মোৰ প্ৰতিটো খোজতে সিঁহতে মোক সংগ দিছিল।’’

Leave a Comment