সংকটত খিলঞ্জীয়া! ধুবুৰী-মানকাচৰ নহয়, অসমৰ প্ৰতিবেশী ৰাজ্যৰ পৰাহে অসমলৈ জাকে জাকে অনুপ্ৰেৱেশ ঘটিছে বাংলাদেশীৰ

নিউজ ডেস্কঃ ধুবুৰী-মানকাচৰ নহয়, চুবুৰীয়া ৰাজ্যৰ উন্মুক্ত সীমান্তৰে জাকে জাকে অনুপ্ৰৱেশ ঘটিছে বাংলাদেশীৰ। অসমত এই মুহূৰ্তত চৰকাৰী ভূমিত চলি আছে উচ্ছেদ অভিযান। অভিযোগ উত্থাপন হৈছে- ধুবুৰী, গোৱালপাৰাৰ বনাঞ্চল, চৰকাৰী ভূমিত বেদখল কৰি থকা সৰহ ভাগেই অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী। এনে ‘অবৈধ বাংলাদেশী’ৰ বিৰুদ্ধে এফালে চলিছে উচ্ছেদ, কিন্তু আনফালে কাঁটা তাঁৰ নথকা সীমান্তৰ মাজেৰে দালালৰ সহযোগত ভাৰতত প্ৰৱেশ কৰি চুবুৰীয়া ৰাজ্যৰ মাজেৰে বাধাহীনভাৱে অসমলৈ আগমণ ঘটি আছে জাক জাক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ।

শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীয়ে মেঘালয়ৰ পশ্চিম গাৰো হিলছ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ এটা অঞ্চলৰ পৰা ২৬ জন বাংলাদেশী নাগৰিক আৰু ৪ জন ভাৰতীয় দালালক গ্ৰেপ্তাৰ কৰি বিফল কৰে বাংলাদেশীৰ সদলবলে কৰা এক অনুপ্ৰৱেশৰ। মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় দালালৰ সহায়ত পাৰ কৰি গাড়ীৰে অসমলৈ বাট লওতেই নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰে বাংলাদেশী কেইজন।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত বি এছ এফৰ ২২ নং বেটেলিয়নৰ জোৱানসকলে মাচোকপাৰা অঞ্চলত অভিযান চলাই তিনিখন বাহন আটক কৰে। আৰু সেই বাহনৰ তালাচীৰ সময়তে পুৰুষ-মহিলাসহ গ্ৰেপ্তাৰ হয় ২৬ জনীয়া বাংলাদেশীৰ দলটো। লগতে কেইটামান টকাৰ বিনিময়ত ভাৰতলৈ সেইসকলক আদৰি অনা চাৰিজন দালালকো গ্ৰেপ্তাৰ কৰে বিএছএফে। লক্ষ্যণীয় কথাটো হ’ল- এইবছৰ ইমানবোৰ বাংলাদেশী একেলগে আটক হোৱা এয়া আছিল এক বৃহৎ সফলতা।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাই মাহলৈকে মেঘালয়ৰ এই অঞ্চলৰ পৰা কমেও ছটা বৃহৎ অনুপ্ৰৱেশৰ ঘটনা ধৰা পৰিছে। ৬ ফেব্ৰুৱাৰীত দলমাগ চেকপোষ্টত ধৰা পৰিছিল ৯ জন বাংলাদেশী আৰু ৩ জন ভাৰতীয় চালক। ১৪ ফেব্ৰুৱাৰীত চান্দমাৰী আৰু বাগলাবাৰী সীমান্তৰ পৰা ১৪ জন বাংলাদেশী আৰু ৩ জন দালাল গ্ৰেপ্তাৰ হৈছিল। ২১ ফেব্ৰুৱাৰীত জেংগল হাইৱে চেকপোষ্টত আৰু ৬ জন লোক ধৰা পৰে। ১৮-১৯ মাৰ্চতো তিনিজন বাংলাদেশী আৰু মে’ৰ ৫ তাৰিখেও ৩ জন বাংলাদেশী গ্ৰেপ্তাৰ হয় নিৰাপত্তা বাহিনীৰ হাতত। অৰ্থাৎ বিগত সাত মাহত কেৱল মেঘালয় সীমান্ততে ধৰা পৰিছে কমেও ৬১ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী।

মন কৰিবলগীয়া কথাটো হ’ল- নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰা এই আটাই কেইজন অবৈধ অনুপ্ৰৱেশকাৰীৰে লক্ষ্যস্থান আছিল অসমৰ বিভিন্ন প্ৰান্ত। বিশেষকৈ গুৱাহাটী হৈ অসমত প্ৰৱেশ কৰি গোৱালপাৰা, ধুবুৰীৰ দৰে সংখ্যালঘু অধ্যুষিত এলেকাত বাহৰ পতাৰ লক্ষ্যৰেই বাংলাদেশীসকলে জাকে জাকে কৰিছিল যাত্ৰা।

WhatsApp Image 2025 07 15 at 20.15.40 e1818f36
সংকটত খিলঞ্জীয়া! ধুবুৰী-মানকাচৰ নহয়, অসমৰ প্ৰতিবেশী ৰাজ্যৰ পৰাহে অসমলৈ জাকে জাকে অনুপ্ৰেৱেশ ঘটিছে বাংলাদেশীৰ 2

ইফালে, এই বাংলাদেশীসকলক ভাৰতত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে কেইটামান টকা লোভী স্থানীয় লোকেই। বহুতৰে বাবে এতিয়া মেঘালয় সীমান্ত এক সুসংগঠিত চোৰাং ব্যৱসায়ৰ পথত পৰিণত হৈছে। লক্ষণীয়ভাৱে পশ্চিম গাৰো হিলছ জিলাৰ প্ৰায় ৪৯ কিলোমিটাৰ সীমান্তত এতিয়াও কাঁইটীয়া তাঁৰ নথকাৰ বাবে এই পথ অবৈধ অনুপ্ৰৱেশৰ বাবে সহজ পথ। দালালৰ সহায়ত অনুপ্ৰৱেশকাৰীয়ে এই পথেৰে ভাৰতত প্ৰৱেশ কৰি মেঘালয়ক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰি অসম, পশ্চিম বংগ, দিল্লী বা মুম্বাইৰ দৰে চহৰলৈ বিয়পি পৰিছে।

ধৃত ব্যক্তিকেইজনৰ পৰা ভাৰতীয় আধাৰ কাৰ্ড, চিম কাৰ্ড, স্থানীয় মুদ্ৰাও উদ্ধাৰ কৰা হৈছে, যাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁলোকে অস্থায়ী উদ্দেশ্যৰে নহয়, স্থায়ী উদ্দেশ্যৰে ভাৰতত প্ৰৱেশ কৰিছিল। অসমত চৰকাৰী ভূমিৰ পৰা অবৈধ বাসিন্দাক উচ্ছেদ চলি থকাৰ সময়তে চুবুৰীয়া ৰাজ্যৰ মাজেৰে অবৈধ প্ৰবাহে সীমান্ত ব্যৱস্থাপনাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ গোৱালপাৰাৰ পাইকানত চলি থকা উচ্ছেদ অভিযানৰ সময়ত এগৰাকী উচ্ছেদিত মহিলাৰ এক ভাষ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। সেই মহিলাগৰাকীয়ে অকপটে কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ আৰু তেওঁৰ পৰিয়াল সাতমাহ পূৰ্বে প্ৰৱেশ কৰিছিল অসমত আৰু বসতি স্থাপন কৰিছিল পাইকানৰ বনাঞ্চলত।

খিলঞ্জীয়াৰ ভৱিষ্যত সংকটত পেলাই এনেদৰে অসম-বাংলাদেশ বা মেঘালয়-বাংলাদেশ সীমান্তৰে দলে-বলে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশে এতিয়া উদ্বেগ বৃদ্ধি কৰিছে সমগ্ৰ উত্তৰ-পূবত।

Leave a Comment