IPL ৰ জুৱা খেলৰ নামত গ্ৰাহকৰ FD ৰ ১.২৫ কোটি আত্মসাৎ ডাক বিষয়াৰ! গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ অধিক ধন উপাৰ্জন কৰাৰ লালসাত গ্ৰাহকৰ জমাধনেৰে আইপিএলৰ জুৱা খেলি গ্ৰেপ্তাৰ হ’ল এগৰাকী পোষ্ট মাষ্টৰ।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ বাজাৰিয়া ডাকঘৰত।

জানিব পৰা মতে, গ্ৰাহকৰ জমা ধনেৰে আইপিএলত বেট লগোৱা ডাকঘৰটোৰ উপ-পোষ্টমাষ্টৰ বিশাল আহিৰৱাৰ (৩৬)ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

photo 2022 05 26 11 45 29
IPL ৰ জুৱা খেলৰ নামত গ্ৰাহকৰ FD ৰ ১.২৫ কোটি আত্মসাৎ ডাক বিষয়াৰ! গ্ৰেপ্তাৰ 3

অভিযোগ অনুসৰি, ডাকঘৰটোৰ কুৰি জনৰো অধিক গ্ৰাহকে জমা কৰিবলৈ দিয়া ১.২৫ কােটি টকা পোষ্ট মাষ্টৰজনে দুগুণ কৰাৰ লালসাত আইপিএলত বেট লগাইছিল।

ইফালে গ্ৰাহক সকলে যেতিয়া ডাকঘৰলৈ আহি তেওঁলোকৰ একাউণ্ট পৰীক্ষা কৰে, তেতিয়া একাউণ্টত ধন নেদেখি হতভম্ব হৈ পৰে।

তাৰ পিছতে পোহৰলৈ আহে এই সমগ্ৰ কাণ্ড।

photo 2022 05 26 11 41 09
IPL ৰ জুৱা খেলৰ নামত গ্ৰাহকৰ FD ৰ ১.২৫ কোটি আত্মসাৎ ডাক বিষয়াৰ! গ্ৰেপ্তাৰ 4

এই ঘটনাৰ পিছতে অভিযুক্ত উপ-পোষ্ট মাষ্টৰ বিশাল আহিৰৱাৰক নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আনহাতে আৰক্ষীৰ জেৰাত বিশাল আহিৰৱাৰে গ্ৰাহকৰ ধন আইপিএল জুৱা খেলৰ নামত আত্মসাৎ কৰাৰ কথা স্বীকাৰ কৰিছে।

Leave a Comment