অসম

শোকাৱহ! মাছ ধৰিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি ঘটিল কলেজীয়া ছাত্ৰৰ…

এক শোকাৱহ ঘটনা।

মাছ ধৰিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি ঘটিল কলেজীয়া ছাত্ৰৰ।

বৰপেটাৰোডৰ শিমলাগুৰিৰ সমীপৰ ধুপগুৰি গাঁৱত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে।

মাছ ধৰিবলৈ গৈ মৃত্যু হোৱা যুৱকজন দক্ষিণ কলহভাঙ্গা গাঁৱৰ লক্ষণ ক্ষত্ৰিয়ৰ পুত্ৰ সমৰ ক্ষত্ৰিয়(১৯)।

সমৰ ক্ষত্ৰিয় অসম ব্ৰিলিয়েণ্ট একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল।

জানিব পৰা মতে, বুধবাৰে দুপৰীয়া বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পোহৰা চকীৰ অন্তৰ্গত ধুপগুৰী গাঁৱৰ ৬ জন যুৱকে মাছ ধৰিবলৈ গৈছিল।

উক্ত যুৱক ৬ জনৰ ভিতৰত সমৰ ক্ষত্ৰিয়ই পুখুৰীত পৰি যায় আৰু সলিল সমাধি ঘটে।

ইয়াৰ পাছতে প্ৰায় দুঘণ্টা সময় ধৰি ৰাইজে আৰক্ষীৰ উপস্থিতিত অভিযান চলাই অৱশেষত পানীৰ তলৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *