অসম

আই পি এছ বিষয়া আনন্দ মিশ্ৰক নতুনকৈ অতিৰিক্ত দায়িত্ব অৰ্পণ…

আই পি এছ বিষয়া আনন্দ মিশ্ৰক অতিৰিক্ত দায়িত্ব প্ৰদান।

নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাত বিতৰ্কত সোমাই পৰিছিল আনন্দ মিশ্ৰ।

তাৰ পিছতে তেওঁক নগাঁওৰ পৰা স্থানান্তৰ কৰা হৈছিল। তেতিয়াৰে পৰা চৰকাৰৰ সৈতে দূৰত্বত আছিল আনন্দ মিশ্ৰ।

ips ananda mishra

কিন্তু পুনৰ অসম চৰকাৰে নতুন দায়িত্ব অৰ্পণ কৰিছে আনন্দ মিশ্ৰক।

ৰাজ্যিক অগ্নিনিৰ্বাপক বিভাগৰ উপসঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে মিশ্ৰক।

ক্ৰীড়া বিভাগৰ AIGP ৰ উপৰিও মিশ্ৰক এই অতিৰিক্ত দায়িত্ব অৰ্পণ কৰে ৰাজ্যিক গৃহ বিভাগে।

ips ananda mishra

উল্লেখ্য যে, নগাঁওত থকাৰ সময়ছোৱাত সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল আনন্দ মিশ্ৰই।

বটদ্ৰবা কাণ্ডৰ পাছতো নগাঁৱলৈ পুনৰ আনন্দ মিশ্ৰক আনিব লাগে বুলি চছিয়েল মিডিয়াৰ জৰিয়তে আহ্বান জনাইছিল বহুজনে।

লগতে চাওকঃ

বান বিধ্বস্ত এলেকাত বোকা পানী গচকি নিজৰ কৰ্তব্য পালন কৰি চৰ্চাত এগৰাকী উপায়ুক্ত

902

Leave a Reply

Your email address will not be published. Required fields are marked *