নিউজ ডেস্কঃ ভাৰতত ভয়ংকৰ জনবিস্ফোৰণ! চীনকো পিছ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।
বুধবাৰে এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধি (UNFPA)ৰ প্ৰতিবেদনত।
UNFPAৰ দ্য’ ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপৰ্ট, ২০২৩ অনুসৰি ভাৰতৰ জনসংখ্যা ১৪২৮.৬ মিলিয়ন হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা হৈছে ১৪২৫.৭ মিলিয়ন।
অৰ্থাৎ চলিত বৰ্ষত চীনতকৈ ২৯ লাখ বেছি বৃদ্ধি পাইছে ভাৰতৰ জনসংখ্যা।
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ বিশ্ব জনসংখ্যা সম্ভাৱনা ২০২২ য়েও ২০২৩ চনৰ ভিতৰত ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’ব বুলি পূৰ্বে প্ৰকাশ কৰিছিল।
ইয়াৰ উপৰিও UNFPAৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতৰ ২৫ শতাংশ জনসংখ্যা হৈছে ০-১৪ বছৰ বয়সৰ শিশু।
আনহাতে ১৮ শতাংশ ১০-১৯ বছৰ বয়সৰ আৰু ২৬ শতাংশ ১০-২৪ বছৰ বয়সৰ লোকে বাস কৰে ভাৰতত।
ইফালে প্ৰায় ৬৮ শতাংশ ১৫-৬৪ বছৰ বয়সৰ শ্ৰেণীত থকাৰ বিপৰীতে ৬৫ বছৰৰ ওপৰৰ লোকৰ হাৰ মাত্ৰ ৭ শতাংশ।
আনহাতে চীনত ১৪ বছৰৰ তলৰ জনসংখ্যাৰ প্ৰায় ১৭ শতাংশ, ১০-১৯ বছৰ বয়সৰ ১২ শতাংশ, ১০-২৪ বছৰ বয়সৰ ১৮ শতাংশ।
৬৯ শতাংশ লোক ১৫-৬৪ বছৰ বয়সৰ শ্ৰেণীত থকাৰ বিপৰীতে প্ৰায় ১৪ শতাংশ বা প্ৰায় ২০ কোটি লোক ৬৫ বছৰৰ ওপৰৰ।