নিউজ ডেস্কঃ দুখন মালবাহী ৰে’লৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ পিছতে ইঞ্জিনত সূত্ৰপাত ঘটা জুইত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে এগৰাকী লোক পাইলটৰ।
বুধবাৰে পুৱা মধ্যপ্ৰদেশৰ সিংপুৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত আন দুগৰাকী ৰে’ল কৰ্মচাৰীও আহত হোৱা বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, পুৱা প্ৰায় ৬.৩০ বজাত দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ বিলাসপুৰ-কাটনী ৰে’লপথৰ শ্বাহদোলৰ ১০ কিলোমিটাৰ পূৰ্বে সংঘটিত হয় এই সংঘৰ্ষ।
চিগনেল অভাৰশ্বুট হোৱাৰ ফলত কয়লা পৰিবাহী ৰে’ল দুখনৰ মাজত সংঘৰ্ষ ঘটাৰ পিছতে দুয়োখন ৰে’লৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটে।
এই ভয়ংকৰ সংঘৰ্ষত ৰে’লৰ ইঞ্জিনসহ ৯টাকৈ ডবা ৰে’লপথৰ পৰা উফৰি পৰে।
ইফালে অগ্নিকাণ্ডৰ ফলত এগৰাকী লোকো পাইলটৰ মৃত্যু ঘটাৰ বিপৰীতে তেওঁৰ দুই সহযোগী গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ পিছত বাতিল কৰা হৈছে ৰে’লপথটোৰ ৰে’ল সেৱা।
ৰে’ল কৰ্তৃপক্ষই এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।









