নিউজ ডেস্কঃ ভাৰতীয়ৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ চেষ্টা কৰিছে মোদী চৰকাৰে! শেহতীয়াকৈ ‘সঞ্চাৰ সাথী’ নামৰ এটা এপ ভাৰতীয়ৰ মোবাইলত বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই এপটোৰ জৰিয়তে মোদী চৰকাৰে ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ ওপৰত চোৰাংচোৱা আৰম্ভ কৰিব বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছেও।
এই বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পিছতে আজি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই স্পষ্ট কৰি দিয়ে যে চৰকাৰ সমৰ্থিত চাইবাৰ সুৰক্ষা এপ্লিকেচন ‘সঞ্চাৰ সাথী’ নিজৰ মোবাইল ফোনৰ পৰা ডিলিট কৰিবলৈ ব্যৱহাৰকাৰীসকল সম্পূৰ্ণ স্বাধীন। ভাৰতত বিক্ৰী হোৱা সকলো স্মাৰ্টফোনত এই এপটো বাধ্যতামূলকভাৱে ইনষ্টল কৰাৰ কেন্দ্ৰৰ নিৰ্দেশৰ পিছত সৃষ্টি হোৱা গোপনীয়তাৰ উদ্বেগ আৰু ৰাজনৈতিক বিতৰ্ক দমন কৰিবলৈ তেওঁ এই কথা কয়।
সংসদৰ বাহিৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সিন্ধিয়াই কয়, “যদি আপুনি সঞ্চাৰ সাথী নিবিচাৰে, তেন্তে ইয়াক ডিলিট কৰিব পাৰে। এইটো ঐচ্ছিক।” তেওঁ লগতে কয়, “এই এপটো সকলোকে জনোৱাটো আমাৰ কৰ্তব্য। কিন্তু তেওঁলোকে নিজৰ ডিভাইচত ইয়াক ৰাখিব নে নাই, সেয়া ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰে।”
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ২৮ নৱেম্বৰত দূৰসংযোগ বিভাগে এক নিৰ্দেশনা জাৰি কৰিছিল, য’ত ভাৰতত বিক্ৰী কৰিবলৈ নিৰ্মাণ কৰা সকলো মোবাইল হেণ্ডচেট নিৰ্মাতা আৰু আমদানিকৰ্তাক ‘সঞ্চাৰ সাথী’ এপটো আগতীয়াকৈ ইনষ্টল কৰিবলৈ কোৱা হৈছিল। এই নিৰ্দেশক লৈ পৰৱৰ্তী সময়ত তীব্ৰ বিতৰ্কৰ সূচনা হয়। বিৰোধী নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ইয়াক ‘চোৰাংচোৱাগিৰিৰ এপ’ বুলি অভিহিত কৰে আৰু কাৰ্তি চিদাম্বৰমেও ইয়াক পেগাচাছ স্পাইৱেৰৰ সৈতে তুলনা কৰে।
এপটোৰ পক্ষত মন্তব্য কৰি সিন্ধিয়াই দৃঢ়তাৰে কয় যে ইয়াৰ দ্বাৰা কোনো ধৰণৰ চোৰাংচোৱাগিৰি বা কল নিৰীক্ষণ কৰাৰ ব্যৱস্থা নাই। তেওঁ ইয়াৰ জৰিয়তে বিত্তীয় জালিয়াতি প্ৰতিৰোধ কৰাৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়ে। মন্ত্ৰীয়েগৰাকীয়ে জনাইছে যে ২০২৪ চনত এই প্লেটফৰ্মে ২২,৮০০ কোটি টকাৰ জালিয়াতি কাৰ্যকলাপ বন্ধ কৰাত সহায় কৰিছিল।

