নিউজ ডেস্কঃ এটা মছজিদৰ আজানাৰ মাইক আৰু ইমামৰ তৎপৰতাই জীৱন ৰক্ষা কৰিলে ৭ জনকৈ লোকৰ। সময়ত কৰা এটা ঘোষণাৰ বাবে এক দুৰ্ঘটনাৰ বিষয়ে অৱগত হৈ স্থানীয়ে ৰাইজে উদ্ধাৰ কৰে পানীত ডুবিবলৈ ধৰা এখন বাহনৰ ৭ যাত্ৰীক। এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাৰ নীলিয়ামবজাৰৰ বাহাদুৰপুৰত।
উল্লেখ্য যে, বাহাদুৰপুৰৰ বাৰোৱাৰী জামে মছজিদৰ কাষৰ এক পুখুৰীত পুৱা বাগৰি পৰিছিল এখন ভেন। আজানৰ সময়ত সংঘটিত এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি মছজিদৰ ইমামে মাইকযোগে গাঁওবাসীক অৱগত কৰাত ততাতৈয়াকৈ স্থানীয় ৰাইজ উপস্থিত হৈ সাতটা জীৱন ৰক্ষা কৰে।

বাতৰি অনুসৰি, পুৱা প্ৰায় ৪ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখন অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি বাহাদুৰপুৰ জি পি কাৰ্যালয়ৰ ওচৰৰ এটা দ পথাৰৰ পুখুৰীত বাগৰি পৰে। গাড়ীখনৰ সকলো খিৰিকী বন্ধ আছিল আৰু গাড়ীখন পানীত ডুব যোৱাৰ সময়ত বেছিভাগ যাত্ৰীয়ে শুই আছিল।

এজন স্থানীয় বাসিন্দাৰ মতে, “বাহিৰৰ পৰা এটা ডাঙৰ শব্দ শুনি জামে মছজিদৰ ইমাম আৰু মিৰাবাৰী মাদ্ৰাছাৰ শিক্ষক মৌলানা আব্দুল বাছিতে তৎক্ষণাৎ বিপদ অনুভৱ কৰে। তেওঁ মছজিদৰ মাইক ব্যৱহাৰ কৰি গাওঁবাসীক জৰুৰীকালীন অৱস্থাৰ বিষয়ে অৱগত কৰে আৰু তাৎক্ষণিক সহায়ৰ বাবে আবেদন জনায়।”

কেৱল কেইমিনিটমানৰ ভিতৰতে ওচৰ-চুবুৰীয়া লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযানত জঁপিয়াই পৰে। ফলস্বৰূপে সাতজন লোকৰ জীৱন ৰক্ষা পৰে। স্থানীয় বাসিন্দা সকলে মৌলানা আব্দুল বাছিত ইমামৰ তৎপৰতা আৰু উপস্থিত বুদ্ধিৰ বাবে প্ৰশংসা কৰিছে।

