ৰাষ্ট্ৰীয়

IAS বিষয়া পূজা সিংঘলৰ বাসগৃহত টকাৰ পাহাৰ, EDৰ অভিযানত উদ্ধাৰ ২৫ কোটি টকা…

IAS বিষয়া পূজা সিংঘলৰ বাসগৃহত টকাৰ পাহাৰ।

EDৰ অভিযানত পূজা সিংঘলৰ বাসগৃহৰ পৰা উদ্ধাৰ ২৫ কোটি টকা।

ঝাৰখণ্ডৰ অবৈধ খনি গোচৰ সন্দৰ্ভত দেশৰ কেইবাটাও স্থানত শুক্ৰবাৰে অভিযান চলায় এনফৰ্টমেণ্ট ডিক্টেৰেট চমুকৈ EDয়ে।

ঝাৰখণ্ডৰ আই এ এছ বিষয়া পূজা সিংহলৰ নতুন দিল্লী, মুম্বাই, জয়পুৰ, ফৰিদাবাদ, ৰাঁচী আদিকে ধৰি বিভিন্ন স্থানত থকা বেনামী সম্পত্তিত অভিযান চলায় EDয়ে।

image 2022 05 07 12 03 14

আই এ এছ বিষয়া পূজা সিংহলৰ ৰাঁচীস্থিত চাৰ্টাৰ্ড একাউন্টেন্ট (চিত্র)ৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত ইডিয়ে নগদ ২৫ কোটি টকা উদ্ধাৰ কৰাৰ লগতে অনেক আপত্তিজনক তথ্য জব্দ কৰিবলৈ সক্ষম হয়।

2

অবৈধ খনি গোচৰত জড়িত আই এ এছ বিষয়াগৰাকীৰ সম্পর্কিত সন্দেহজনক ব্যক্তিৰ অনেক সম্পত্তিৰ ওপৰতে ইডিয়ে অভিযান চলায়। ৰাঁচীস্থিতি পালছ হাস্পতালতো ইডিয়ে চলায় অভিযান।

p1 6

উল্লেখ্য যে ২০২০ চনত অবৈধ খনি গোচৰ সন্দৰ্ভত পি এম এল এৰ অধীনত ইডিয়ে গোচৰ ৰুজু কৰে।

ঝাৰখণ্ডৰ কনিষ্ঠ অভিযন্তা ৰাম বিনোদ প্রসাদ সিন্হাক ২০২০ চনৰ ১৭ জুনত পশ্চিমবংগৰ ২৪ পৰগনা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে গোচৰটোৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তোলে।

সেই গোচৰৰ ভিত্তিতে শনিবাৰে ইডিয়ে আই এ এছ বিষয়া পূজা সিংহলৰ লগতে তেওঁৰ সৈতে সম্পর্কিত অনেক প্রতিষ্ঠানত অভিযান চলায়।

p2 6

লক্ষণীয় যে অনুসন্ধানত লাভ কৰা তথ্য মতে পূজা সিংহলে দুটা এন জি অ’ৰ সৈতে জড়িত।

ৱেলফাৰ পইণ্ট আৰু প্ৰেৰণা নিকেতন নামৰ এন জি অ’ দুটাৰ নামত ছয় কোটি টকা অনুমোদন জনোৱাৰ লগতে পৰিৱেশ আইন ভংগ কৰি ৮৩ একৰ বনভূমি খননত অনুমোদন জনাইছিল।

ইডিয়ে অভিযান চলোৱা আই এ এছ বিষয়া পূজা সিংহল হৈছে ২০০০ বেটছৰ ঝাৰখণ্ডৰ কেডাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *