অসমীয়াৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীৰ কণ্ঠ হুবহু নকল কৰা কৌতুক অভিনেতা শ্যাম ৰংগীলাৰ AAPত যোগদান

নিউড ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কণ্ঠ হুবহু নকল কৰি দৰ্শকক প্ৰভাৱিত কৰি অহা জনপ্ৰিয় কৌতুক অভিনেতা শ্যাম ৰংগীলাই যোগ দিলে আম আদমী পাৰ্টীত।

২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত সময়ত বিজেপিক সমৰ্থন আগবঢ়োৱা কৌতুক অভিনেতাগৰাকীয়ে কেজৰিৱাল বাহিনীত যোগদান কৰি আৰম্ভ কৰে নতুন ৰাজনৈতিক কেৰিয়াৰৰ।

syam aap

বৃহস্পতিবাৰে আপত আনুষ্ঠানিকভাৱে যোগদান কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ‘জননেতা’ বুলি অভিহিত কৰে শ্যাম ৰংগীলাই। ৰাজস্থান আপৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মিশ্ৰাই শ্যাম ৰঙ্গিলাক দলৰ সদস্যপদ প্ৰদান কৰে।

FSCdroaaIAAgk2T

বিজেপিৰ প্ৰতি মোহভংগ আৰু আপৰ দ্বাৰা প্ৰভাৱিত হৈ কৌতুক অভিনেতাগৰাকীয়ে আম আদমী পাৰ্টীত যোগদান কৰা বুলি মন্তব্য কৰে শ্যাম ৰংগীলাই।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ কণ্ঠ আৰু কথা কোৱাৰ ঠাঁচ হুবহু নকল কৰি যথেষ্ট সমাদৰ লাভ কৰি আহিছে শ্যাম ৰংগীলাই। আপত যোগদান কৰা নেতাগৰাকীক দলৰ নেতৃত্বই এতিয়ালৈকে কোনো দায়িত্বভাৰ প্ৰদান কৰা নাই যদিও স্বতন্ত্ৰভাৱে কাম কৰাৰ আগ্ৰহ ব্যক্ত কৰে শ্যাম ৰংগীলাই।

Leave a Reply

Your email address will not be published. Required fields are marked *