অসমীয়াঅসমগুৱাহাটী

সুখবৰঃ গুৱাহাটী-উত্তৰ গুৱাহাটীলৈ নিশা ১১ বজালৈকে চলিব ফেৰী সেৱা

নিউজ ডেস্ক। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী যাত্ৰা কৰা সকলৰ বাবে এক সুখবৰ। যাত্ৰীৰ দাবী আৰু চাহিদা পূৰণ কৰি এতিয়া নিশা ১১ বজালৈকে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলিব ফেৰী সেৱা। এই ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

উল্লেখ্য যে, পূৰ্বে নিশা ৯.৪৫ বজালৈকেহে ফেৰী সেৱা চলিছিল। যাৰ ফলত নিশাৰ ভাগত গুৱাহাটীত কৰ্মৰত উত্তৰ গুৱাহাটীৰ বাসিন্দা সকলে ঘৰলৈ উভতাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছিল।

এনে পৰিপ্ৰেক্ষিতত ৰাতি দেৰিলৈকে ফেৰী সেৱা অব্যাহত ৰখাৰ দাবী উত্থাপন কৰি আহিছিল যাত্ৰীসকলে। যাৰ বাবে এতিয়া নিশা ১১ বজাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী-উত্তৰ গুৱাহাটী মাজগাঁও ঘাটেৰে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী লৈ ফেৰী চলাচল কৰোৱাৰ কথা ঘোষণা কৰে।

ferry

জল পৰিবহণ বিভাগে জনোৱা মতে ‘এম ভি সুদর্শন’ নামৰ নতুন ফেৰীখন নিশা ১১ বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী মাজগাঁও ঘাটলৈ যাত্ৰা কৰিব আৰু নিশা ১১.১৫ বজাত গুৱাহাটীলৈ ফেৰী যাব।

এই ফেৰীখনত ১০০জন যাত্ৰী আৰু ৬০খন দুচকীয়া বাহন পাৰাপাৰ কৰাৰ সুবিধা আছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্তক ৰাইজে আদৰণি জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *