নিজে কাম কৰা গেৰেজৰ ভিতৰত শুই আছিল চঞ্চল! তেনেতে লাগিল জুই…

নিউজ ডেস্কঃ পুনৰ হিন্দু হত্যাৰ বলি বাংলাদেশত। দেশখনৰ সাধাৰণ নিৰ্বাচনলৈ মাত্ৰ কেইসপ্তাহমান বাকী থকা অৱস্থাত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা ধাৰাবাহিক হিংসাই পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজধানী ঢাকাৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত অৱস্থিত নৰসিংদি চহৰত এগৰাকী ২৩ বছৰীয়া হিন্দু যুৱকক নিশা নিদ্ৰাৰত অৱস্থাতে জীৱন্তে জ্বলাই হত্যা কৰে দুৰ্বৃত্তই। মুছলমান সংখ্যাগৰিষ্ঠ দেশখনত সংখ্যালঘুসকলৰ সুৰক্ষাক লৈ বিশ্বজুৰি উদ্বেগ প্ৰকাশ পোৱাৰ মাজতে এই নৃশংস কাণ্ডই পুনৰবাৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

নিহত যুৱকজনক কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ বাসিন্দা খোকন চন্দ্ৰ ভৌমিকৰ পুত্ৰ চঞ্চল চন্দ্ৰ ভৌমিক বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। চঞ্চলে নৰসিংদি পুলিচ লাইন এলেকাৰ খানাৰবাৰী মছজিদ মাৰ্কেটৰ এটা গেৰেজত কৰ্মৰত আছিল আৰু তাতেই নিশা যাপন কৰিছিল।

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে নিশা কাম শেষ কৰি চঞ্চলে গেৰেজৰ ভিতৰত টোপনি গৈ থকাৰ সময়তে একাংশ অজ্ঞাত লোকে বাহিৰৰ পৰা জুই লগাই দিয়ে। গেৰেজটোত মজুত থকা প্ৰচুৰ পৰিমাণৰ পেট্ৰ’ল আৰু ইঞ্জিন অইলৰ বাবে জুই ক্ষিপ্ৰগতিত বিয়পি পৰে। ফলত ওলাই অহাৰ কোনো সুযোগ নাপাই যুৱকজনে অগ্নিদগ্ধ হৈ অকাল মৃত্যুক সাৱটি লয়।

প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজৰ মতে, এয়া এক সুপৰিকল্পিত হত্যাকাণ্ড। অঞ্চলটোৰ চিচিটিভি কেমেৰাত দুৰ্বৃত্তই গেৰেজত জুই লগোৱাৰ দৃশ্য বন্দী হৈছে যদিও এতিয়ালৈকে কাকো চিনাক্ত কৰিব পৰা নাই। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু চিচিটিভি ফুটেজৰ আধাৰত তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে শেহতীয়া লোকপিয়ল অনুসৰি বাংলাদেশত প্ৰায় ১৩.১৩ নিযুত হিন্দু লোকে বাস কৰে, যি মুঠ জনসংখ্যাৰ ৭.৯৫ শতাংশ। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছৰে পৰা দেশখনত হিন্দু নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে। মাত্ৰ এসপ্তাহ পূৰ্বে গাজীপুৰত এজন হিন্দু মিঠাই বিক্ৰেতাক পিটি পিটি হত্যা কৰাৰ লগতে চিলেট আৰু ফেনী জিলাতো হিন্দু লোকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

Leave a Comment