নিউজ ডেস্কঃ চৰকাৰী পদমৰ্যাদা বা বয়স যে সমাজসেৱাৰ হেঙাৰ হ’ব নোৱাৰে, তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ৰ বাবে নিৰ্বাচিত হ’ল চণ্ডীগড়ৰ ৮৮ বছৰীয়া অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ইন্দ্ৰজিৎ সিং সিধু। পবিত্ৰ গণৰাজ্য দিৱসৰ উপলক্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তালিকাত সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পঞ্জাৱ কেডাৰৰ এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াক সন্মানিত কৰে চৰকাৰে।
১৯৯৬ চনত পঞ্জাৱ আৰক্ষীৰ ডিআইজি হিচাপে অৱসৰ গ্ৰহণ কৰা সিধুৱে যোৱা কেইবাবছৰ ধৰি চণ্ডীগড়ৰ ৪৯ নং চেক্টৰৰ বাট-পথ নিজ হাতে পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চা লাভ কৰিছে। প্ৰতিদিনে পুৱাই ঘৰৰ পৰা ওলাই আহি তেওঁ অকলেই ৰাস্তাৰ আৱৰ্জনাবোৰ সংগ্ৰহ কৰে আৰু এখন চাইকেলৰ ঠেলাৰে সেইবোৰ নিৰ্দিষ্ট স্থানত পেলোৱাৰ ব্যৱস্থা কৰে। চৰকাৰী বিভাগৰ গাফিলতিৰ বাবে বাট-পথত জমা হোৱা জাবৰ দেখি তেওঁ অভিযোগ কৰাৰ পৰিৱৰ্তে নিজেই ঝাড়ু তুলি লৈছিল হাতত।
যোৱা বছৰ সিধুৰ এই নিঃস্বাৰ্থ কৰ্মৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই তেওঁক অনুশাসন আৰু সেৱাৰ প্ৰতীক হিচাপে অভিহিত কৰে। আৰম্ভণিতে বহুতৰে বাবে এই কাৰ্য আচহুৱা যেন লাগিছিল যদিও বৰ্তমান বহু স্থানীয় লোকে তেওঁৰ এই অভিযানত সহযোগ কৰিছে। শ্ৰমৰ মৰ্যাদা আৰু জনসাধাৰণৰ স্বাৰ্থত কোনো কামেই সৰু নহয় বুলি বিশ্বাস কৰা সিধুৱে নিৰলে চলাই যোৱা এই কামৰ বাবে তেওঁক ‘অচিনাকি নায়ক’ শ্ৰেণীত পদ্মশ্ৰী প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে।
পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক গুলাব চান্দ কাটাৰিয়াই চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয়, ‘‘ইন্দ্ৰজিৎ সিং সিধুৱে প্ৰমাণ কৰিছে যে অৱসৰ বা বয়সৰ সৈতে সমাজসেৱা শেষ হৈ নাযায়।’’ ৰাজ্যপালগৰাকীয়ে লগতে কয় যে সিধুৰ এই নিষ্ঠা দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে অনুপ্ৰেৰণাৰ উৎস আৰু ই সমাজৰ নৈতিকতাক অধিক শক্তিশালী কৰি তুলিব।









