অসমীয়াৰাষ্ট্ৰীয়

কেদাৰনাথ, বদ্ৰীনাথত প্ৰৱেশ নিষিদ্ধ হ’ব অ-হিন্দুৰ! চৰকাৰে আনিব নতুন বিধেয়ক

নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ হিন্দু ধৰ্মীয়স্থল আৰু ইয়াৰ চৌহদত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবীক লৈ ৰাজ্যজুৰি তৎপৰতা বৃদ্ধি পাইছে। হৰিদ্বাৰৰ ডামকোঠীত আয়োজিত এক কাৰ্যসূচীত শ্ৰীবদ্ৰীনাথ আৰু শ্ৰীকেদাৰনাথ মন্দিৰ সমিতিৰ (বিকেটিচি) অধ্যক্ষ হেমন্ত দ্বিবেদীয়ে কয় যে আগন্তুক অৰ্ধকুম্ভ মেলা কোটি কোটি সনাতন ধৰ্মীয় লোকৰ আস্থাৰ এক মহোৎসৱ, সেয়েহে তীৰ্থস্থানৰ পবিত্ৰতা আৰু ধৰ্মীয় স্বৰূপ অটুট ৰাখিবলৈ নীতিগত পৰ্যায়ত এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন।

বিকেটিচিৰ অধ্যক্ষগৰাকীয়ে সদৰী কৰে যে কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ অধিসূচিত এলেকাসমূহত অ-হিন্দুৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে এক প্ৰস্তাৱ অনাৰ কথা চৰকাৰে বিবেচনা কৰিছে। কেদাৰনাথৰ ক্ষেত্ৰত যাত্ৰা আৰম্ভ হোৱা সমগ্ৰ উপত্যকাটোক এই নিষেধাজ্ঞা অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। মন্দিৰ সমিতিয়ে এই সন্দৰ্ভত নিজৰ স্থিতি চৰকাৰক ইতিমধ্যে অৱগত কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

দ্বিবেদীয়ে লগতে কয় যে হৰিদ্বাৰৰ গংগাৰ পবিত্ৰ ঘাট আৰু প্ৰধান ধৰ্মীয় অঞ্চলসমূহক চিনাক্ত কৰি তাত প্ৰৱেশ ব্যৱস্থাৰ পুনৰীক্ষণ কৰাটো প্ৰয়োজনীয়। যিহেতু এই স্থানসমূহ সনাতন ধৰ্মীয় ৰীতি-নীতিৰ সৈতে জড়িত, সেয়েহে ইয়াৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা লোৱাটো সময়ৰ আহ্বান। অৰ্ধকুম্ভৰ পূৰ্বেই শাসন পৰ্যায়ত এই সন্দৰ্ভত কোনো সিদ্ধান্ত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নেতৃত্বত বিগত সময়ছোৱাত চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগ উত্থাপন কৰি দ্বিবেদীয়ে কয় যে বনভূমি আৰু পাহাৰীয়া অঞ্চলৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। উত্তৰাখণ্ডক বিশ্বই দেৱভূমি হিচাপে জানে আৰু ইয়াৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলি তেওঁ দোহাৰে।

এই বিতৰ্কিত বিষয়টোৰ সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘দেৱভূমি উত্তৰাখণ্ডৰ সনাতন স্বৰূপ অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰ কৃতসংকল্প।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘চাৰধাম আৰু হৰিদ্বাৰৰ হৰ কি পৌৰীকে ধৰি অন্যান্য ধৰ্মীয়স্থলত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ প্ৰস্তাৱসমূহ চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু বৰ্তমান এইবোৰ বিবেচনা কৰি থকা হৈছে।’’

Leave a Reply

Your email address will not be published. Required fields are marked *