গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ জৰুৰীকালীন বিভাগত অগ্নিকাণ্ড।
দুপৰীয়া ভাগত জৰুৰীকালীন বিভাগত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ সময়ত জৰুৰীকালীন বিভাগত নাছিল ফায়াৰ এলাৰ্ম।
অগ্নিকাণ্ডৰ ফলত জৰুৰীকালীন বিভাগত থকা ৰোগীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
এই ঘটনাৰ পিছত ততকালীনভাৱে জৰুৰীকালীন ৱাৰ্ডৰ পৰা ৰোগীসকলক বাহিৰলৈ উলিয়াই অনা হয়।
চলি থকা ফেনৰ পৰাই হঠাৎ জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
হাস্পতালখনত ফায়াৰ এক্সটিংগুইচাৰ সংলগ্ন কৰি থকাৰ সময়তে এই ঘটনা ঘটে।
ঘটনা সন্দৰ্ভত জি এম চি এইচ্চ কৰ্তৃপক্ষই ভঙাগড় থানাত ৰুজু কৰিছে গোচৰ।
ফায়াৰ এলাৰ্ম আৰু ফায়াৰ এক্সটিংগুইচাৰ ভালদৰে নকৰাৰ অভিযোগ জি এম চি এইচ্চ কৰ্তৃপক্ষই।
উল্লেখ্য যে, কেইমাহমান পূৰ্বে ৰেডিঅ’লজি বিভাগতো সংঘটিত হৈছিল অগ্নিকাণ্ড।









