অসমঅসমীয়া

মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সোনালী জয়ন্তী বৰ্ষৰ বিশাল প্ৰস্তুতি

অনুষ্ঠানত সুকন্ঠী গায়িকা প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান

নগৰবেৰা ৯ জানুৱাৰী : কামৰূপ আৰু গোৱালপাৰা জিলাৰ সংযোগস্থলী মিলনপুৰ বজাৰ উন্নয়ন সমিতিখনে পঞ্চাশটি বৰ্ষ অতিক্ৰম কৰিলে ৷

সেই উদ্দেশ্য আগত ৰাখি এই শুভক্ষণক স্মৃতিৰ পৃষ্ঠাত জিলিকাই ৰাখিবলৈ চলিত জানুৱাৰী মাহৰ ১১ আৰু ১২ তাৰিখ, শনিবাৰ আৰু ৰবিবাৰ দুদিনীয়া কাৰ্যসূচীৰে সোনালী জয়ন্তী উৎসৱ উদযাপনৰ বিশাল প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

সেই উপলক্ষে উমেশ চন্দ্ৰ মেধিক সভাপতি, হৰিদাস বিশ্বাসক সম্পাদক ,মনোমোহন নাথক উপ-সভাপতি ,নিৰঞ্জন ঠাকুৰীয়াক সহঃসম্পাদক হিচাপে লৈ এখনি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হৈছে ।

কাৰ্যসূচী অনুসৰি ১১ জানুৱাৰী শনিবাৰে ৰাতিপুৱা ৯.০০বজাত অনুষ্ঠানৰ পতাকা উত্তোলন,১০.০০ বজাত স্মৃতি তৰ্পন ,১০.১৫ বজাত গছ পুলি ৰোপণ,১০.৩০ বজাত সম্বৰ্ধনা আৰু অন্তৰঙ্গ . আলাপ ,সন্ধিয়া ৫.০০ বজাত ৫০ গছি বন্তি প্ৰজ্বলন কৰাৰ পিছতেই ১২ জানুবাৰী ৰবিবাৰে ৰাতিপুৱা ৯.০০ বজাত বিশাল শুভাযাত্ৰা অনুষ্ঠিত হ’ব ৷

দিনৰ ১.০০ বজাত মুকলি সভা অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰিব ৷

মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সোনালী জয়ন্তী বৰ্ষৰ প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে ৷

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *