অসমীয়াঅসম

মৰ্মান্তিক! ক্ৰিকেট খেলি থাকোঁতেই বাউণ্ডেৰীৰ পকী দেৱালত খুন্দা মাৰি কৰুণ মৃত্যু আবকাৰী বিষয়াৰ

নিউজ ডেস্কঃ ভোগালী উৎসৱৰ উদযাপনৰ মাজতে সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। মাণিকপুৰৰ সমীপৰ পাতিলাদহাত ক্ৰিকেট খেলি থাকোতেই আকস্মিকভাৱে কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী আবকাৰী বিষয়াই। নিহত আবকাৰী বিষয়াজন হৈছে মাণিকপুৰৰ বৰবিলা (নাথপাৰা) অঞ্চলৰ বাসিন্দা উমাকান্ত ৰায়।

জানিব পৰা মতে, গৌৰীপুৰত কৰ্মৰত উমাকান্ত ৰায় ভোগালী বিহু উপলক্ষ্যে আহিছিল ঘৰলৈ। মঙলবাৰে নিশা স্থানীয় এখন নৈশ ক্ৰিকেট খেলত অংশ লয় ৰায়ে। খেলপথাৰত ফিল্ডিং কৰি থাকোঁতে বল ধৰিবলৈ দৌৰি যোৱাৰ সময়তে বাউণ্ডেৰীৰ পকী ৱালত খুন্দা মাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আবকাৰী বিষয়াজন। মূৰত গুৰুতৰভাৱে আঘাত পাই ঢলি পৰা লোকজনক লগে লগে বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

abkari

উল্লেখ্য যে, উমাকান্ত ৰায়ৰ জন্ম আৰু শৈশৱ পাৰ হৈছিল বিজনীৰ পালেংবাৰী গাঁৱত। পিছলৈ তেওঁ বৰবিলা (নাথপাৰা) গাঁৱত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। আবকাৰী বিভাগত যোগদান কৰাৰ পিছত তেওঁ অসমৰ বিভিন্ন স্থানত সেৱা আগবঢ়াইছিল আৰু শেহতীয়াকৈ গৌৰীপুৰলৈ বদলি হৈছিল। কিন্তু এইবাৰৰ ভোগালী উৎসৱৰ বাবে ঘৰলৈ অহাৰ সময়তে শোকাবহ পৰিস্থিতিত মৃত্যু ঘটে ৰায়ৰ।

অন্যহাতে, উমাকান্ত ৰায় কেৱল চৰকাৰী বিষয়াই নহয়, অসম সাহিত্য সভাৰ আজীৱন সদস্য হিচাপেও পৰিচিত আছিল। ৫৭ বছৰীয়া ব্যক্তিজনে পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে পৰিয়াল আৰু বন্ধু-বান্ধৱীক এৰি থৈ যায়। তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে মাণিকপুৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *