অসমীয়াৰাষ্ট্ৰীয়

মন্দিৰৰ দানপাত্ৰ খোলাৰ লগে লগে উদ্ধাৰ হ’ল সম্পত্তিৰ নথি! প্ৰাক্তন সেনা বিষয়াই এই কাৰণে কৰিলে দান…

নিউজ ডেস্কঃ মন্দিৰৰ দানপাত্ৰত উদ্ধাৰ হ’ল প্ৰায় ৪ কোটি টকা মূল্যৰ সম্পত্তিৰ নথি-পত্ৰ। মঙলবাৰে বিয়লি তামিলনাডুৰ তিৰুৱন্নমলাই জিলাৰ পদবেডু গাঁৱৰ অৰুলমিগু ৰেনুগম্বলা আম্মান মন্দিৰৰ দানপাত্ৰত এই সম্পত্তিৰ নথি উদ্ধাৰ হোৱাৰ পিছতে স্তম্ভিত হৈ পৰে মন্দিৰ পৰিচালনা সমিতি।

মঙলবাৰে বিয়লি হিন্দু ধৰ্ম আৰু ধৰ্মীয় পৰিক্ৰমা বিভাগৰ অধীনস্থ এই মন্দিৰত দানপাত্ৰৰ ধন গণনাৰ সময়ত এই গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ উদ্ধাৰ কৰা হয়।

মন্দিৰ কৰ্তৃপক্ষৰ মতে, প্ৰতি দুমাহৰ মূৰে মূৰে ৪-৫ জন সদস্যই দানপাত্ৰত লাভ হোৱা ধনৰ পৰিমাণ গণনা কৰে। মন্দিৰত মুঠ ১১টা দানপাত্ৰ আছে।

image 7
মন্দিৰৰ দানপাত্ৰ খোলাৰ লগে লগে উদ্ধাৰ হ’ল সম্পত্তিৰ নথি! প্ৰাক্তন সেনা বিষয়াই এই কাৰণে কৰিলে দান… 4

মঙলবাৰে মন্দিৰৰ এটা দানপাত্ৰ খোলাৰ সময়তে দুটুকুৰা মাটি আৰু এটা ঘৰৰ এখন উইল লাভ কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। তাৰ লগত হাতে লিখা চিঠি এখন আছিল, য’ত স্পষ্টকৈ লিখা আছিল যে এই সম্পত্তি স্বেচ্ছাই মন্দিৰলৈ দান কৰা হৈছে।

তদন্তত প্ৰকাশ পাইছে যে এই উইল আৰাণী চহৰৰ কেশৱপুৰম গাঁৱৰ বাসিন্দা বিজয়ন (৬৫) নামৰ এজন প্ৰাক্তন সেনা বিষয়াই দানপাত্ৰত ৰাখিছিল। প্ৰাক্তন সেনা বিষয়াগৰাকীৰ দুই বিবাহিত কন্যা বৰ্তমান চেন্নাই আৰু ভেল্লোৰৰ বাসিন্দা। পত্নীৰ সৈতে দীৰ্ঘদিনীয়া বিবাদৰ বাবে তেওঁ এক দশক ধৰি অকলশৰীয়াকৈ থাকিছিল।

কিন্তু শেহতীয়াকৈ দুই কন্যাক প্ৰাক্তন সেনা বিষয়াগৰাকীক সম্পত্তিৰ বাবে মানসিক নিৰ্যাতন চলাবলৈ আৰম্ম কৰাত অৱশেষত তেওঁৰ ঘৰ আৰু দুটুকুৰা মাটিৰ প্ৰায় ৪ কোটিৰ টকাৰ সম্পত্তি মন্দিৰলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

image 8
মন্দিৰৰ দানপাত্ৰ খোলাৰ লগে লগে উদ্ধাৰ হ’ল সম্পত্তিৰ নথি! প্ৰাক্তন সেনা বিষয়াই এই কাৰণে কৰিলে দান… 5

অৱশ্যে হিন্দু ধৰ্ম আৰু ধৰ্মীয় পৰিক্ৰমা বিভাগে প্ৰকাশ কৰা মতে, দানপাত্ৰত ৰখাৰ বাবেই সম্পত্তিখিনি আইনগতভাৱে মন্দিৰৰ নহয়। দাতাই ইয়াক আইনগতভাৱে পঞ্জীয়ন কৰিব লাগিব। এই নথি-পত্ৰসমূহৰ জিম্মাত আপাততঃ বিভাগে অক্ষুণ্ণ ৰাখিব।

প্ৰাক্তন সেনা বিষয়া বিজয়নে তেওঁৰ কথা ৰাখি সম্পত্তিখিনি আইনগতভাৱে মন্দিৰক দান কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *