অসমীয়াৰাষ্ট্ৰীয়

পুত্ৰ-বোৱাৰী সকলো থাকিও নিসংগ! বৃদ্ধাশ্ৰমত পুত্ৰই এৰি থৈ যোৱাৰ এদিন পিছত বৃদ্ধ দম্পতীয়ে ল’লে এই সিদ্ধান্ত…

নিউজ ডেস্কঃ মাত্ৰ এমাহ পূৰ্বে পুত্ৰৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত মঙলবাৰে পুৱা বৃদ্ধাশ্ৰমত মৃত অৱস্থাত উদ্ধাৰ হয় এহাল বৃদ্ধ দম্পতী। বেংগালুৰুৰ তালাঘাটপুৰাৰ কমলাম্মা ৰামকৃষ্ণপ্পা বৃদ্ধাশ্ৰমত সংঘটিত হৈছে এই ঘটনা। নিহত দুজন তামিলনাডুৰ মাদুৰাইৰ বাসিন্দা আৰ কৃষ্ণমূৰ্তি (৮১) আৰু কে ৰাধা (৭৪) বুলি চিনাক্ত কৰা হৈছে।

তালাঘাটপুৰা আৰক্ষী থানাৰ তথ্য অনুসৰি, কৃষ্ণমূৰ্তি আৰু ৰাধা পূৰ্বে পুত্ৰ কে বিজয় আৰু বোৱাৰীৰ সৈতে বেংগালুৰুৰ দোদ্দাকল্লাসন্দ্ৰত বাস কৰিছিল। বিজয় এটা আই টি কোম্পানীৰ সঞ্চালক। আৰক্ষীক দিয়া এক বিবৃতিত তেওঁ কয় যে তেওঁৰ পত্নী আৰু পিতৃ-মাতৃৰ মাজত প্ৰায়ে খোৱা-বোৱাক লৈ কাজিয়া হৈছিল। সেইবাবেই ১৮ মে’ত তেওঁলোকক বৃদ্ধাশ্ৰমত থৈ আহে পুত্ৰই।

২৪ জুনৰ পুৱা নাৰ্চিং হোমৰ এজন কৰ্মচাৰীয়ে চাহ আগবঢ়াবলৈ আহি গম পায় যে দম্পতীহালে দুৱাৰখন খোলা নাই। কেইবাবাৰো ফোন কৰি কোনো সঁহাৰি নোপোৱাৰ পিছত ভেন্টিলেটৰৰ মাজেৰে চাই ভিতৰত দম্পতীহালক পৰি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়।

পুলিচ আহি দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি দম্পতীহালক নিশ্চল হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। তেওঁলোকৰ মোবাইলত বা ঘৰৰ ভিতৰত কোনো ছুইচাইড নোট পোৱা নগ’ল। ঘটনাটো ‘অস্বাভাৱিক মৃত্যু’ হিচাপে পঞ্জীয়ন কৰা হৈছে।

আৰক্ষীৰ মতে, বিজয়ৰ বক্তব্য অনুসৰি কৃষ্ণমূৰ্তি আৰু ৰাধা পূৰ্বে ২০২১ চনত বৈতৰায়ণপুৰাৰ বৃদ্ধাশ্ৰমত আছিল। পিছত ২০২৩ চনত তেওঁলোক ঘৰলৈ উভতি আহে। কিন্তু খাদ্যৰ সমস্যাৰ বাবে মে’ মাহত তেওঁলোকক এই বৃদ্ধাশ্ৰমলৈ ঘূৰাই পঠিওৱা হয়।

বিজয়ে কয় যে ঘটনাৰ আগদিনা অৰ্থাৎ ২৩ জুনৰ নিশা দুয়োজনৰ মাজত টিভি চোৱাক লৈ কাজিয়া হৈছিল। কিন্তু তাৰ পিছত দুয়ো একেলগে ৰাতিৰ আহাৰ খাই শুই পৰিল। পিছদিনা পুৱা মৃত অৱস্থাত উদ্ধাৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *