নিউজ ডেস্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।
ইয়াৰ মাজতে সােমবাৰে পুৱা কামৰূপ জিলাৰ বকােৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমৰ নদীৰ পাৰত এটা নৱজাত হাতীৰ পোৱালীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

একাংশ লােকে অভিযোগ কৰা অনুসৰি, হাহিম নদীত দীৰ্ঘদিন ধৰি চলি থকা চেণ্ড গ্ৰেভেলৰ অবৈধ খননৰ বাবে সৃষ্টি হােৱা গাঁতত পৰিয়েই হাতী পােৱালিটােৰ দুৰ্ভাগ্যজনক মৃত্যু ঘটে।
উল্লেখ্য যে বৃহত্তৰ হাহিম অঞ্চলৰ আশে-পাশে বিগত কিছুদিন ধৰি প্ৰায় ৪০টা হাতীৰ এটা জাক ঘূৰি ফুৰিছে। এই জাকটােৱে অঞ্চলটােৰ কৃষিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে, যাৰ ফলত বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে।
স্থানীয় লোকসকলে অনুমান কৰিছে যে এই পোৱালীৰ মৃত্যু কালি ৰাতি হৈছিল। ঘটনাটো আজি পুৱাহে পােহৰলৈ আহে।
ইতিমধ্যে বন বিভাগৰ লােকে ঘটনাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই স্থানীয় প্ৰকৃতিপ্ৰেমি সকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।
লগতে চাওকঃ গুৱাহাটীঃ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ শােকত প্ৰাণ গ’ল যুৱকৰ