এজন ৭২ বৰ্ষীয় বৃদ্ধক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ লৰাঢপৰা, ২২ বছৰ পূৰ্বে কৰিছিল এই অপৰাধ…

নিউজ ডেস্কঃ ইতিমধ্যেই মানুহে পেলোৱা এক ৰহস্যঘন হত্যাকাণ্ড। বাছৰ চিটৰ তলত পৰি থকা এটা বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। ২২ বছৰ পূৰ্বৰ সেই হত্যাকাণ্ডক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। কোনে সংঘটিত কৰিছিল সেই হত্যাকাণ্ড, ক’ত আত্মগোপন কৰি আছিল হত্যাকাৰীয়ে? আৰক্ষীৰ বাবেও আছিল সেয়া কেৱল এক ৰহস্য।

কিন্তু অৱশেষত কৰ্ণাটকৰ গংগাৱতী টাউন থানাৰ আৰক্ষীয়ে এই ৰহস্য সমাধান কৰিলে। অৱশেষত ২২ বছৰ পূৰ্বে পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন কৰা এজন বৃদ্ধক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ নাম হনুমন্তপ্পা। তেওঁৰ বয়স এতিয়া ৭২ বছৰ। কিন্তু ২০০২ চনত যেতিয়া তেওঁ পত্নী ৰেনুকম্মাক হত্যা কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৪৯ বছৰ।

আৰক্ষীৰ সূত্ৰ অনুসৰি ২০০২ চনৰ এদিন পুৱা কৰ্ণাটকৰ কোপ্পাল জিলাত এখন চলন্ত বাছৰ পৰা বস্তাত মেৰিয়াই থোৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰে যে মৃত মহিলাগৰাকীৰ নাম ৰেনুকম্মা, যি হনুমন্তপ্পাৰ তৃতীয় পত্নী আছিল। কিন্তু তাৰ পিছত সকলো যেন সকলো ৰহস্যঘন হৈ পৰে। হঠাৎ অন্তৰ্ধান হৈ পৰে হনুমন্তপ্পা। আৰক্ষীৰ কবলৰ পৰা সাৰি বহু বছৰ ধৰি তেওঁ কৰি আহিছিল আত্মগোপন।

কিন্তু ২২ বছৰৰ পাছত হঠাৎ এটা গোপন উৎসৰ পৰা খবৰ আহিল। ৰাইচুৰ জিলাৰ হালাধল গাঁৱৰ নিজ গৃহলৈ উভতি আহিছে হনুমন্তপ্পা। সেই খবৰ পোৱাৰ লগে লগে গংগাৱতী টাউন আৰক্ষী থানা কঁপি উঠিল। কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ আৰক্ষীয়ে ততাতৈয়াকৈ অভিযুক্তৰ ঘৰত অভিযান চলাই তাৰ পৰাই গ্ৰেপ্তাৰ কৰে।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে বিগত ২২ বছৰ ধৰি হনুমন্তপ্পাই কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি নিজৰ পৰিচয় সলনি কৰি আহিছে। নতুন নাম, নতুন পেছা, নতুন ৰূপ—কিন্তু পুৰণি অপৰাধটো গোপন হৈয়েই থাকিল। এইবাৰ আৰক্ষীয়ে পুৰণি গোচৰৰ তদন্ত পুনৰ আৰম্ভ কৰিছে। ইমান বছৰ ধৰি তেওঁ কেনেকৈ আৰক্ষীৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ল, আৰু কোনে সহায় কৰিলে সেইটো নিৰ্ণয় কৰাৰ বাবে তদন্ত চলি আছে।

অভিযুক্ত আৰু স্থানীয় লোকৰ আত্মীয়ক সোধা-পোছা অব্যাহত ৰাখিছে। তদন্তকাৰীয়ে দাবী কৰিছে যে এই হত্যাকাণ্ডৰ আঁৰত ব্যক্তিগত আৰু পাৰিবাৰিক কাৰণ থাকিব পাৰে। আৰক্ষীয়ে জনোৱা মতে, অতি সোনকালে হনুমন্তপ্পাক আদালতত হাজিৰ কৰা হ’ব।

Leave a Comment