নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰত্নাগিৰি জিলাত সোমবাৰে পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন। আৰক্ষীয়ে জনোৱা মতে, কেড অঞ্চলৰ সমীপৰ এখন দলঙৰ পৰা গাড়ীখন প্ৰায় ১০০ ফুট তলৰ এখন শুকান নদীৰ শিলত আচাৰ খাই পৰে।
সোমবাৰে পুৱা প্ৰায় ৫:৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি পালঘৰ জিলাৰ নালাছোপাৰাৰ পৰা দেৱৰুখ চহৰ অভিমুখে গৈ আছিল গাড়ীখন। ছেক্সনত গাড়ীখন প্ৰথমে ডিভাইডাৰত খুন্দা মৰাৰ পিছত জগবুডী নদীৰ শুকান বালিচৰত বাগৰি পৰে।
ভয়ংকৰ দুৰ্ঘটনাটোত গাড়ীখনত থকা সাতজন লোকৰ ভিতৰত তিনিগৰাকী মহিলা আৰু দুজন পুৰুষৰ থিতাতে মৃত্যু ঘটে। পৰৱৰ্তী অৱস্থাত দুজন লোকক আহত অৱস্থাত উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয়। নিহত সকলক মিতালী বিবেক ম’ৰে (৪৩), মেঘা পৰাডকাৰ (২২), সৌৰভ পৰাডকাৰ (২২), নিহাৰ ম’ৰে (১৯) আৰু শ্ৰেয়াছ সাৱন্ত (২৩) বুলি চিনাক্ত কৰা হৈছে। আহত দুজন ৰত্নগিৰিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আৰক্ষীয়ে সন্দেহ কৰা মতে, চালকৰ টোপনিৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। নৈত পানী নথকাৰ ফলত গাড়ীখনে চিধাই শিলৰ ওপৰত বাগৰি পৰাত ৫ জনৰ থিতাতে মৃত্যু ঘটে।
জানিব পৰা মতে, মৃত আৰু আহত আটাইকেইজনেই আছিল সংগমেশ্বৰ অঞ্চলৰ বাসিন্দা। সদ্যমৃত আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়ালৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।