নিউজ ডেস্কঃ এম্বুলেন্সেৰে মৃতদেহ ঘৰলৈ নি থকাৰ সময়তে এক অবিশ্বাস্য ঘটনা সংঘটিত হ’ল মহাৰাষ্ট্ৰৰ কলহাপুৰত। চিকিৎসকে মৃত ঘোষণা কৰা এজন ব্যক্তিৰ মৃতদেহ লৈ গৈ থকাৰ সময়তে এম্বুলেন্সৰ ভিতৰত হঠাৎ পুনৰ জী উঠে ব্যক্তিজন। এই অবিশ্বাস্য ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰত হৃদৰোগত আক্ৰান্ত হোৱা কাছাবা-বাৱাদাৰ নিৱাসী পাণ্ডুৰাং উলপেক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। কিন্তু ৬৫ বৰ্ষীয় ব্যক্তিজনক মৃত ঘোষণা কৰে চিকিৎসকে। ইয়াৰ পিছতে ব্যক্তিজনৰ শেষ ৰীতি-নীতিৰ বাবে মৃতদেহ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰে পৰিয়ালৰ লোকে।
কিন্তু গৃহাভিমুখে গৈ থকাৰ পথত এম্বুলেন্সখনে এটা স্পীড ব্ৰেকাৰ পাৰ হোৱাৰ পিছতে পাণ্ডুৰাং উলপেৰ হাতৰ আঙুলি লৰচৰ কৰা প্ৰত্যক্ষ কৰে পৰিয়ালৰ সদস্যই। লগে লগে তেওঁক আন এখন হাস্পতাললৈ লৈ যোৱা হয় আৰু আই চি ইউত ভৰ্তি কৰোৱা হয়। হাস্পতালখনত ১৫ দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ তেওঁক ডিচাৰ্জ প্ৰদান কৰিছে চিকিৎসকে।
মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা পাণ্ডুৰাং উলপেয়ে কয়, “মই খোজ কাঢ়ি ঘৰলৈ উভতি আহিছিলোঁ আৰু চাহ খাবলৈ বহি আছিলোঁ। হঠাতে মোৰ মূৰটো ঘূৰাবলৈ আৰম্ভ কৰিছিল আৰু উশাহ লোৱাত অসুবিধা হৈছিল। ইয়াৰ পিছত বাথৰুমলৈ গৈ মই বমি কৰিছিলো। পিছত কোনে মোক হাস্পতাললৈ আনিলে সেয়া মই ক’ব নোৱাৰো।”
ইফালে পাণ্ডুৰাং উলপেৰ নাতি ৰমন উলপেয়ে জানিবলৈ দিয়া মতে, কাছাবা বাৱাদাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে ককাকৰ হাৰ্ট এটেক হোৱা বুলি কৈছিল আৰু আন এখন হাস্পতাললৈ ৰেফাৰ কৰিছিল। তাত কেইবাবাৰো তেজ বমি কৰিছিল ককাকে। ইয়াৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।’’
চিকিৎসকে মৃত ঘোষণা কৰা এজন ব্যক্তিয়ে পুনৰ জীৱন লাভ কৰাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অনেকে এয়া ঐশ্বৰিক শক্তি বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই চিকিৎসকৰ গাফিলতিৰ বাবেই জীৱন্ত ব্যক্তি এজনক মৃত ঘোষণা কৰা হৈছিল বুলি অভিযোগ কৰিছে।