নিউজ ডেস্কঃ ডাম্পাৰৰ দৌৰাত্ম্যই পুনৰ প্ৰাণ কাঢ়ি নিলে শিশুৰ প্ৰাণ! শুকুৰবাৰে পশ্চিম ধেমাজিৰ খলিহামাৰী বৰমঠুৰিয়ানীত ডাম্পাৰৰ চকাৰ তলত পিষ্ট হৈ মৃত্যুক সাৱটে এটি ১৩ বছৰীয়া শিশুৱে।
অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি কৰা এই মৰ্মান্তিত দুৰ্ঘটনাত নিহত শিশুজনৰ নাম ৰিহান শইকীয়া বুলি জানিব পৰা গৈছে। সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰিহানৰ ঘৰ আছিল বৰমঠুৰিয়ানী গাঁৱত।
জানিব পৰা মতে, শুকুৰবাৰে ডাম্পাৰৰ চেঁপাত গুৰুতৰভাৱে আহত হোৱাৰ পিছত ৰিহানক লগে লগে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ছাত্ৰজনৰ।
অতিশয় প্ৰতিভাসম্পন্ন আছিল ৰিহান। গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰজনে বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। একে সময়তে ৰেপ ছং গাইও জনপ্ৰিয় হৈছিল ১৩ বছৰীয়া শিশুটি।
ৰিহানৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকাৰ ছাঁ পেলাইছে। একে সময়তে ডাম্পাৰৰ দৌৰাত্ম্যক লৈও অঞ্চলবাসীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে।