শোকাবহ! গণেশ পূজাৰ প্ৰসাদ খাই মৃত্যু এটি ১০ বছৰীয়া কণমানিৰ, অসুস্থ অৰ্ধশতাধিক

নিউজ ডেস্কঃ গণেশ পূজাৰ প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ মৃত্যু এটি ১০ বছৰীয়া কণমানিৰ।

প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ শিশু-মহিলাসহ অৰ্ধশতাধিক লোক।

এই ঘটনা সংঘটিত হৈছে তামুলপুৰৰ ইক্ৰাবিলত।

গাঁওখনৰ এখন গণেশ পূজাৰ প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ পৰে অৰ্ধশতাধিক লোক।

বমি, পেটৰ বিষ, শৌচ আদিত আক্ৰান্ত হৈ পৰা লোকসকলক লগে লগে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে এটি ১০ বছৰীয়া কণমানিৰ।

আক্ৰান্ত আন সকলৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।

ঘটনাস্থলীত প্ৰশাসন-স্বাস্থ্য বিভাগ উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্তৰ।