জালুকবাৰীঃ গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত কোনে কিমান শৃংখলাবদ্ধভাবে নদীত দেৱী প্ৰতিমা বিসৰ্জন দিব পাৰে তাৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে।
অৱশ্যে এইবেলি অসমৰ ৰাইজৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে প্ৰথমবাৰৰ বাবে ছাউণ্ড চিষ্টেমৰ ব্যৱহাৰ বৰ্জন কৰি কেৱল আধ্যাত্মিকতা আৰু মাংগলিক কাৰ্যৰ মাজেৰেহে ২ আৰু ৩ অক্টোবৰ দুয়োদিনতে সমদল কৰি দেৱী প্ৰতিমা বিসৰ্জন দিয়া হৈছিল।
আনহাতে দেৱী প্ৰতিমা বিসৰ্জনৰ বিজয়ী দল সমুহক বঁটা বিতৰণ কৰাৰ উদেশ্যে ১২ অক্টোবৰত মালিগাওঁ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয়। পাণ্ডুঘাট বিসৰ্জন কমিটীৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে প্ৰচাৰ সম্পাদক অজন্ত কুমাৰ বৈশ্যই আৰু উদ্দ্যেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে।
আৰম্ভণিতে অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত মহান শিল্পী গৰাকীৰ গীতৰ আধাৰত ৰচিত এটি দিহানাম পৰিবেশন কৰি উপস্থিত কেবা শতাধিক ৰাইজক আপ্লুত কৰে ৰাজ্যৰ অন্যতম প্ৰখ্যাত নামতি দল হিচাপে পৰিচিত জালুকবাৰীৰ খানামুখস্থিত জ্ঞানমালিনী বিকশিত নামতি দলটোৱে। সভাত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ ক্ৰমে- অজয় চক্ৰৱৰ্তী, সুধন্য মালাকাৰ আৰু সঞ্জয় দাস, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন মহন্ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভূপতি শৰ্মা, সমাজকৰ্মী আশীষ চৰকাৰ, সুদেশ কুমাৰ জৈন (মুন্নাভাই), দিলীপ দত্ত (মুন), বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিয়তি দে, জালুকবাৰী মণ্ডল কমিটীৰ সভাপতি পিয়াল শংকৰ দে, সাংস্কৃতিক কৰ্মী বিপুল ভৰালী, পাণ্ডুঘাট বিসৰ্জন কমিটীৰ কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্য, আহ্বায়ক নিৰোদ ৰায়কে ধৰি কমিটীৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকি বিজয়ী দল সমুহক বঁটাসমূহ বিতৰণ কৰে।

সভাত কাৰ্তিক কলিতাৰ সম্পাদনাত প্ৰকাশিত কমিটীৰ স্মৃতিগ্ৰন্থ “বিজয়া দশমী” উন্মোচন কৰা হয়। ইয়াৰ উপৰিও জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। উল্লেখ্য যে এইবেলি পাণ্ডুৰ পুৰণি ষ্টেচন কলনী দুৰ্গা পূজা উদযাপন সমিতিয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে গড়চুক পূজা উদযাপন সমিতিয়ে দ্বিতীয়, পাণ্ডুৰ অৰুণা চিনেমা হলৰ ইষ্ট কামাখ্যা কলনী দুৰ্গা পূজা উদযাপন সমিতিয়ে তৃতীয়, আজাদ হিন্দ ক্লাব পূজা উদযাপন সমিতিয়ে চতুৰ্থ, ৰেষ্টকেম্প কালীবাৰী পূজা উদযাপন সমিতিয়ে পঞ্চম, বি বি চি চিলড্ৰেন পাৰ্ক পূজা উদযাপন সমিতিয়ে ষষ্ঠ, পাণ্ডু ৩ নম্বৰ কলনী পূজা উদযাপন সমিতিয়ে সপ্তম, আনন্দ নগৰ পূজা উদযাপন সমিতিয়ে অষ্টম, ৰিভাৰ চাইড স্পৰ্টিং ক্লাবে নৱম, স্থান লাভ কৰিছিল।
আনহাতে নিচুকনি বঁটা লাভ কৰিছিল পাৰামাউণ্ড গ্ৰেণ্ড পূজা উদযাপন সমিতিয়ে। তেনেদৰে শ্ৰেষ্ঠ মিডিয়া বঁটা লাভ কৰিছিল টেলিভিছন চেনেল নিউজ লাইভে। সভাত প্ৰতিমা বিসৰ্জনৰ সময়ত পাণ্ডুঘাটত দিনে নিশাই সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱক সকলকো ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।









