চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২ মে’, মঙলবাৰ

মেষ ৰাশি- দিনটো কিছু কষ্টকৰ হ’ব পাৰে। শিক্ষামূলক কামত সফলতা লাভ কৰিব। কাৰোবাৰ ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন ৰাখক। নতুন বিনিয়োগৰ পূৰ্বে ভালদৰে চালিজাৰি চাই আগবাঢ়ক। পিতৃৰ পৰা সমৰ্থন লাভ কৰিব।

বৃষ ৰাশি- ঘৰলৈ পুৰণি বন্ধুৰ আগমণ ঘটিব পাৰে। বিত্তীয় পৰিস্থিতি আজি সন্তোষজনক হ’ব। পাবলগীয়া ধন সময়মতে লাভ কৰাত আপোনাৰ অভাৱ কিছু পৰিমাণে হ’লেও দূৰ হ’ব। আজি পত্নী আৰু মাতৃৰ পৰামৰ্শত গুৰুত্ব দিলে আপোনাৰ বাবে সেয়া কাৰ্যকৰী প্ৰমাণিত হ’ব।

মিথুন ৰাশি- পিতৃৰ সৈতে ঘটা সাধাৰণ মতানৈক্যই দিনটো আপোনাক চিন্তিত কৰি ৰাখিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত সকলে আজি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। অৱশ্যে আজি আপুনি স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ দিব লাগিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- ঘৰুৱা দায়িত্বই আজি আপোনাক ব্যতিব্যস্ত কৰি ৰাখিব পাৰে। কিন্তু সহজভাৱে আজিৰ দিনটো আপোনাৰ বাবে ফলপ্ৰসূ বুলিব পাৰি। বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও আজি আপুনি ভাল খবৰ লাভ কৰিব।

সিংহ ৰাশি- দিনটো আপোনাৰ বাবে আজি গতানুগতিক হ’ব। কৰ্মক্ষেত্ৰত লাভ কৰা কামৰ বোজাই ভাগৰুৱা কৰি তুলিব পাৰে। পত্নীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ সমৰ্থন লাভ কৰিব। আজি ধনৰ লেনদেনৰ পৰা পাৰিলে বিৰত থকাই ভাল।

কন্যা ৰাশি- দিনটো স্বাভাৱিক হ’ব। কৰ্মব্যস্ততাৰ বাবে আজৰি সময়ৰ অভাৱ অনুভৱ কৰিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। অৱশ্যে আজি আপুনি ধনৰ লেনদেনৰ পৰা বিৰত থকাটো লাভজনক হ’ব। নতুন বিনিয়োগৰ পূৰ্বেও জ্যেষ্ঠ আৰু অভিজ্ঞ জনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- কোনো এক ভাল খবৰৰ আৰম্ভণিৰে আজিৰ দিনটো আপোনাৰ বাবে সন্তোষজনক প্ৰমাণিত হ’ব পাৰে। মাতৃৰ পৰা পোৱা সমৰ্থনে আপোনাক ব্যৱসায়ত লাভাৱাম্বিত কৰিব। ঘৰলৈ অহা অতিথিৰ সৈতে সদ্ভাৱ বৰ্তাই ৰাখক। শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

বৃশ্চিক ৰাশি- আজি দূৰ ভ্ৰমণ এৰাই চলাটো আপোনাৰ বাবে মংগলজনক হ’ব। কথা বতৰাত শালীনতা বৰ্তাই ৰাখক। কাকো আঘাত দিয়া কাম কৰাৰ পৰা বিৰত থাকক। শৈক্ষিক ক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে।

ধনু ৰাশি- ব্যৱসায়ত লাভ বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আজি ধন লাভ কৰিব পাৰে। অৱশ্যে নতুন বিনিয়োগৰ পৰা আজি আপুনি বিৰত থকাই ভাল। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত জড়িত সকলৰ বাবে দিনটো লাভজনক হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- অতিৰিক্ত কামৰ বোজাই আজি আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। যিসকলে বদলিৰ চিন্তা কৰি আছিল, তেওঁলোকৰ বাবে হয়তো ভাল খবৰ আহিব পাৰে। সন্তানৰ পৰা লাভ কৰা কোনো খবৰে আজি আপোনাক আনন্দিত কৰিব। মাতৃৰ স্বাস্থ্যৰ উন্নতি হ’ব।

কুম্ভ ৰাশি- ব্যৱসায়িক দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে সিমান সন্তোষজনক নহ’বও পাৰে। বিশেষকৈ ঘনিষ্ঠ বন্ধুৰ দ্বাৰাই ব্যৱসায়ত প্ৰতাড়িত হোৱাৰ আশংকা আছে, সেয়ে সাৱধান হৈ থাকক। মাতৃৰ স্বাস্থ্যক লৈও আজি আপোনাৰ চিন্তা বৃদ্ধি পাব পাৰে। ব্যয় অধিক হ’ব।

মীন ৰাশি- হঠাৎ হতাশগ্ৰস্ত অনুভৱ কৰিব পাৰে। ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হওক। অৱশ্যে বহুদিনৰ পৰা পাবলগীয়া ধন আজি আকস্মিকভাৱে লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে ঘটা বিবাদে আপোনাৰ ব্যৱসায়ত ব্যাঘাত জন্মাব। মাতৃৰ পৰা সমৰ্থন লাভ কৰিব।