শোকাবহ! মাতৃৰ সৈতে নৈত গা ধুবলৈ গৈ সন্ধানহীন এটি ৫ বছৰীয়া কণমানি, পৰিয়ালত হাহাকাৰ…

নিউজ ডেস্কঃ মাতৃৰ সৈতে নৈত গা ধুবলৈ গৈ সন্ধানহীন হ’ল ৫ বছৰীয়া এটি কণমানি।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ জয়ন্তীপুৰত।

বৰলীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে শিশুটি।

নিৰুদ্দিষ্ট শিশুটিৰ নাম মুস্তাফিৰ আলী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাতৃৰ সৈতে ঘৰৰ সমীপৰ বৰলীয়া নৈত গা ধুবলৈ গৈছিল কণমানিটিয়ে।

মাতৃয়ে শিশুটিক গা ধুৱাই পাৰত উঠাই থৈ নিজে গা ধুবলৈ নামিছিল নদীত।

কিন্তু পাৰলৈ উঠি আহি শিশুটিক নেদেখি হাহাকাৰ লাগে।

ইতিমধ্যে শিশুটিক বিচাৰি আৰক্ষী আৰু উদ্ধাৰকাৰী দলে বৰলীয়া নৈত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত শিশুটিৰ কোনো সম্ভেদ পোৱা নাই।

শিশুটিৰ নিৰুদ্দিষ্টতাই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত।