ৰাষ্ট্ৰীয়অসমীয়া

প্ৰেম বিবাহৰ বাবেই নিজ জীয়াৰীক গুলীয়াই হত্যা CRPF বিষয়া পিতৃৰ

মুম্বাই, ২৭ এপ্ৰিল। এক ভয়ানক ঘটনা। পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেমবিবাহ কৰাৰ বাবেই ঘটিল এক ভয়ংকৰ ঘটনা। নিজ জী-জােঁৱাইক লক্ষ্য কৰি গুলীচালনা পিতৃৰ, ঘটনাত প্ৰাণ গ’ল জীয়াৰীৰ। গুৰুতৰভাৱে আহত জােঁৱাই চিকিৎসাধীন।

এই ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ জলগাঁও জিলা।

জানিব পৰা মতে, কিৰণ মাংলে নামৰ এজন অৱসৰপ্ৰাপ্ত চিআৰপিএফ (CRPF) বিষয়াই এই ঘটনা সংঘটিত কৰে।

জলগাঁও আৰক্ষী বিষয়াগৰাকীয়ে কয় যে শনিবাৰে নিশা চোপডা তেহচিলত এখন বিবাহ অনুষ্ঠানৰ সময়ত এই ঘটনা সংঘটিত হয়।

তেওঁ কয়, “অৱসৰপ্ৰাপ্ত চিআৰপিএফ উপ-পৰিদৰ্শক কিৰণ মাংলে (৫০)য়ে তেওঁৰ ৰিভলভাৰেৰে নিজ কন্যা তৃপ্তিক গুলীয়াই হত্যা কৰে আৰু তেওঁৰ স্বামী অবিনাশক গুৰুতৰভাৱে আহত কৰে। দম্পতীহালে মাত্ৰ এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল আৰু পুনেত বাস কৰিছিল। তেওঁলোক ইয়ালৈ এখন বিয়ালৈ আহিছিল।”

বিষয়াগৰাকীয়ে লগতে কয়, “দম্পতীহাল তাত উপস্থিত থকা বুলি গম পাই তেওঁ (মাংলে) বিয়াৰ স্থানত উপস্থিত হৈছিল। গুলীচালনাৰ পিছত, উপস্থিত লোকসকলে মাংলেক ধৰি মাৰপিট কৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মাংলেৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। কি কাৰণত মাংলেই এই কাণ্ড সংঘটিত কৰিলে, সেই বিষয়ে অধিক তদন্ত চলি আছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *