অসমীয়াৰাষ্ট্ৰীয়

ফোনতে স্বামীয়ে দিলে তিনি তালাক! অসহায় পত্নীৰ চৰম সিদ্ধান্ত…

নিউজ ডেস্কঃ ফোনতে পত্নীক তিনি তালাক দিলে স্বামীয়ে। তাৰ পিছতে পত্নীয়ে ল’লে চৰম সিদ্ধান্ত।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ নিৱাসী ছানিয়াৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অভিযোগ অনুসৰি, দীৰ্ঘ সময়ত পৰাই যৌতুকৰ বাবে স্বামীগৃহত শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈ আহিছিল ছানিয়া।

image

এই সন্দৰ্ভত তেওঁ আৰক্ষীৰ কাষো চাপিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছিল। ছানিয়াৰ আত্মহননৰ পিছত সংশ্লিষ্ট থানাৰ উপ-পৰিদৰ্শককো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ২৬ এপ্ৰিলত ছানিয়াই গোৰখপুৰৰ পিতৃৰ ঘৰলৈ উভতি আহিছিল। সোমবাৰে সন্ধিয়া মহাৰাষ্ট্ৰত থকা স্বামী চালাহুদ্দিনে তেওঁলৈ ফোন কৰে। সেই ফোনতে তিনি তালাক কৈ সম্পৰ্ক ছেদ কৰে স্বামীয়ে।

image 1

ইয়াৰ পিছতে চৰম হতাশাত ভুগি আত্মহত্যা কৰাৰ অভিযোগ ছানিয়াৰ। এই তথ্য বৃহস্পতিবাৰে আৰক্ষীৰ সূত্ৰই নিশ্চিত কৰিছে।

এই ঘটনাক লৈ গোৰখপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ গ্ৰ’ভাৰে চৌৰী চৌৰা থানাৰ উপ-পৰিদৰ্শক জয় প্ৰকাশ সিঙক নিলম্বন কৰিছে।

image 2

জানিব পৰা মতে, ইয়াৰ পূৰ্বে ছানিয়াৰ মাতৃ আছিয়াই থানালৈ গৈ যৌতুক আৰু নিৰ্যাতনৰ এজাহাৰ দাখিল কৰিছিল। কিন্তু এছআই জয় প্ৰকাশে অভিযোগটোক গুৰুত্বসহকাৰে লোৱা নাছিল আৰু অভিযোগনামা দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল।

পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক (উত্তৰ) জিতেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত চলা আভ্যন্তৰীণ তদন্তত পোহৰলৈ আহিছে যে সঁচাকৈয়ে ছানিয়া থানালৈ আহিছিল, কিন্তু কোনো গোচৰ ৰুজু হোৱা নাছিল। ইয়াৰ পিছতে এছএছপিয়ে এই গাফিলতিৰ বাবে উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়ে আৰু তেওঁক নিলম্বন কৰা হয়।

এই ঘটনাৰ সন্দৰ্ভত ছানিয়াৰ স্বামী চালাহুদ্দিনকে ধৰি মুঠ ৮জন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অভিযুক্তসকলৰ ভিতৰত আছে স্বামীৰ উপৰিও স্বামী গৃহৰ সদস্য- শাহুৱেক ছাইৰা, জা এছিয়া, খুছবু আৰু ৰ’জী, আৰু দেওৰেক জিয়াউল-আউদ্দিন আৰু বালাউদ্দিন।

মাতৃৰ অভিযোগ অনুসৰি চালাহুদ্দিনে ২০২৩ চনৰ ৭ আগষ্টত ছানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। স্বামীগৃহই বিচৰা মতে যৌতুকো আদায় দিয়া হয়। কিন্তু তাৰ পিছতো নিৰ্যাতন বন্ধ হোৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *