নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী আৰু USTMৰ মাজত বিগত সময়ত অব্যাহত থকা বাকযুদ্ধৰ মাজতে গ্ৰেপ্তাৰ কৰা হ’ল USTMৰ মুৰব্বী মহবুবুল হকক। শুকুৰবাৰে নিশা প্ৰায় ডেৰ বজাত গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহৰ পৰা হকক আটক কৰিছিল আৰক্ষী আৰু এছটিএফৰ দলে। ইয়াৰ পিছতে পুৱা শ্ৰীভূমি আৰক্ষীয়ে USTMৰ মুৰব্বীগৰাকীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, শ্ৰীভূমি আৰক্ষীয়ে ৰুজু কৰা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মহবুবুল হকক। অভিযোগ অনুসৰি ই আৰ ডি ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ত পৰীক্ষা সম্পৰ্কীয় অনিয়ম সংঘটিত হৈছিল। মহবুবুল হক এই ফাউণ্ডেশ্যনৰ অধ্যক্ষ।
গোৱালপাৰা জিলাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ই আৰ ডি ফাউণ্ডেশ্যনৰ ‘ভিজন ৫০’ কাৰ্যসূচীৰ অধীনত তেওঁলোকৰ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ এম চি কিউ শাখাত ৩০ নম্বৰৰ বাবে সহায়ৰ প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উত্থাপন কৰে। কিন্তু পাথাৰকান্দিৰ কেন্দ্ৰীয় পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীসকলে সহায় লাভ নকৰাত তীব্ৰ উত্তেজনাপূৰ্ণ আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়।
এই সন্দৰ্ভত শ্ৰীভূমি আৰক্ষীয়ে ৰুজু কৰা এক গোচৰৰ ভিত্তিতে ইআৰডি ফাউণ্ডেচনৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
প্ৰণিধানযোগ্য যে, বিগত সময়ত অনেকবাৰ USTMৰ বিৰুদ্ধে মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ তেওঁ USTMত প্ৰদান কৰা ডিগ্ৰী ভুৱা বুলিও দাবী কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰত্যুত্তৰ দি মেঘালয় চৰকাৰে স্পষ্ট কৰি দিছিল যে USTMৰ ডিগ্ৰী সম্পূৰ্ণ বৈধ।
মুখ্যমন্ত্ৰী আৰু USTMৰ মাজত চলি থকা সংঘাতৰ পোতক হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTMৰ মুৰব্বী মহবুবুল হকক পৰিকল্পতিভাৱে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে বিৰোধীয়ে।