নিউজ ডেস্কঃ কেৱল এটা ভিডিঅ’ বা ৰীল বনোৱাৰ নিচাই নিমিষতে কাঢ়ি নিলে এটি জীৱন। শনিবাৰে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ম’বাইলত ৰীল বনাই থকাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত এজন ১৯ বছৰীয়া ছাত্ৰৰ কৰুণ মৃত্যু ঘটে। হাৰিয়ানাৰ নুহ জিলাৰ মহুঁ চোপড়া গাঁৱৰ বাসিন্দা মইন নামৰ ছাত্ৰজনৰ এই অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
ঘটনাৰ বিৱৰণি অনুসৰি, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ মইনে তেওঁৰ এজন বন্ধুৰ সৈতে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ ৫৯ নম্বৰ চেনেলৰ ওচৰত বাইকখন ৰাখি ৰীল বনাবলৈ গৈছিল। তেনে সময়তে এখন তীব্ৰবেগী পিকআপ ভানে তেওঁলোকক মহতিয়াই নিয়ে। এই ভয়ংকৰ ঘটনাত মইন থিতাতে নিহত হয় যদিও তেওঁৰ বন্ধুজন কথমপি প্ৰাণৰক্ষা পৰে।

ইফালে ঈদৰ ঠিক আগে আগে ঘটা এই শোকাৱহ ঘটনাই পৰিয়ালটোৰ লগতে গাঁওবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মাণ্ডীখেড়া জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
ফিৰোজপুৰ ঝিৰকাৰ আৰক্ষী বিষয়া সুভাষচন্দ্ৰই সংবাদ মাধ্যমক জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰা পিকআপ বাহনখন চিনাক্ত কৰাৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ লগতে প্ৰশাসনে সৰ্বসাধাৰণক আহ্বান জনাইছে যে এক্সপ্ৰেছৱেৰ দৰে ব্যস্ত আৰু তীব্ৰবেগী পথত ৰীল বনোৱা বা ফটো তোলাৰ দৰে বিপজ্জনক কামৰ পৰা বিৰত থকাটো একান্ত প্ৰয়োজনীয়।









