ব্যতিক্ৰম! জেইলাৰ, কয়দীয়ে পৰিৱেশন কৰা খাদ্য আপুনিও উপভোগ কৰিব বিচাৰে নেকি? তেন্তে যাওক এইখন ‘কাৰাগাৰ ৰেষ্টুৰেণ্ট’লৈ…

নিউজ ডেস্কঃ কাৰাগাৰ এনে এখন ঠাই, য’লৈ হয়তো কোনেও যাবলৈ ইচ্ছা নকৰে।

কিন্তু কাৰাগাৰৰ ভিতৰচ’ৰা কেনেকুৱা, সেয়া নিজ চকুৰে চোৱাৰ গোপন হেঁপাহ এটা অনেক মানুহৰে থাকে।

সাধাৰণ লোকৰ এনে উৎসুকতায়েই এতিয়া চৰ্চিত কৰিছে এখন ৰেষ্টুৰেণ্ট।

য’ত গ্ৰাহকে কাৰাগাৰৰ কুঠৰীত বহি আহাৰ গ্ৰহণৰ অনুভৱ গোটাব পাৰে।

কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুত এতিয়া বেচ জনপ্ৰিয় হৈ পৰিছে কাৰাগাৰ সদৃশ এই ৰেষ্টুৰেণ্ট।

সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে ব্যতিক্ৰমী ৰেষ্টুৰেণ্টখনৰ ভিডিঅ’।

শেহতীয়াকৈ এজন ফুড ব্লগাৰে প্ৰস্তুত কৰা ৰেষ্টুৰেণ্টৰ ভিডিঅ’টোত দেখা পোৱা গৈছে কাৰাগাৰৰ দৰে সমগ্ৰ ৰেষ্টুৰেণ্টখন সজাই তোলা হৈছে।

ৰেষ্টুৰেণ্টৰ প্ৰৱেশ দ্বাৰতে লিখা আছে কেন্দ্ৰীয় কাৰাগাৰ বুলি।

ভিতৰতো কাৰাগাৰৰ কুঠৰীৰ দৰেই নিৰ্মাণ কৰা হৈছে গ্ৰাহক বহা ঠাইসমূহ।

আনহাতে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলেও জেইলাৰ, কয়দীৰ দৰে পোছাক পিন্ধি গ্ৰাহকক অনন্যভাৱে খাদ্য পৰিৱেশন কৰোৱায়।

সকলো ফালৰ পৰাই একেবাৰে কাৰাগাৰৰ নিচিনা লগা এই ৰেষ্টুৰেণ্টখন এতিয়া চেণ্ট্ৰল জে’ল ৰেষ্টুৰেণ্ট বুলি পৰিচিত হৈ পৰিছে বাংগালুৰুত।

গ্ৰাহকক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা অনন্য পদ্ধতিয়ে এতিয়া ৰেষ্টুৰেণ্টখন চৰ্চিত কৰি তুলিছে খাদ্যপ্ৰেমীৰ মাজত।