মৰ্মান্তিক! চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ গৈ মৃত্যু পিতা-পুত্ৰ, ভতিজাসহ একেটা শ্ৰমিক পৰিয়ালৰ ৫ সদস্যৰ…

নিউজ ডেস্কঃ চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ নামি শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এটা শ্ৰমিক পৰিয়ালৰ ৫ জনকৈ সদস্যই।

শুকুৰবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পাৰভানী জিলাত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ ভৌচা টণ্ডা অঞ্চলত এটা চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ নামিছিল একেটা শ্ৰমিক পৰিয়ালৰ ৬ জন শ্ৰমিকে।

কিন্তু ভিতৰত প্ৰৱেশ কৰাৰ পিছতে বিষাক্ত গেছৰ ফলত আটাইকেইজন শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

লগে লগে তেওঁলোকক জিলা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ৫ জনক চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে বৰ্তমানো হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আনজন শ্ৰমিক।

নিহত সকলক ভৌচা টণ্ডাৰ নিৱাসী চাকিদ শ্বেখ (৫৮), তেওঁৰ পুত্ৰ শ্বাহৰুখ (২৮), ভতিজা জুনেই ডাউড শ্বেখ (৩১) আৰু চবিৰ (২১) আৰু আন এজন সম্পৰ্কীয় ফিৰোজ গফ্ফৰ শ্বেখ (২৭) বুলি চিনাক্ত কৰা হৈছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ একনাথ শিণ্ডেয়ে এই ঘটনাত শোক ব্যক্ত কৰি নিহতৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।