জনতাৰ বিক্ষোভ! জ্বলাই দিলে ষ্টাৰ চিমেণ্টৰ ১৫ খন ট্ৰাক, কাৰণ…

নিউজ ডেস্কঃ দেওবাৰে সন্ধিয়া মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ লুমছনং অঞ্চলত সংঘটিত হোৱা এক হৃদয়বিদাৰক দুৰ্ঘটনাৰ ফলত উত্তেজনা বিৰাজ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এজন যুৱকৰ কৰুণ মৃত্যুক লৈ ক্ষুব্ধ জনতাই ষ্টাৰ চিমেণ্ট কোম্পানীৰ ১৫খন ট্ৰাকত অগ্নিসংযোগ কৰে।

ইষ্ট জয়ন্তিয়া পাহাৰৰ আৰক্ষী অধীক্ষক গিৰি প্ৰসাদে জনোৱা মতে, ৱাহিয়াজাৰ গাঁৱৰ সমীপৰ ০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ষ্টাৰ চিমেণ্টৰ ট্ৰাক আৰু বলেৰ’ পিকআপৰ মাজত সংঘৰ্ষ সংঘটিত হয়। সংঘৰ্ষৰ পিছত ষ্টাৰ চিমেণ্টৰ ট্ৰাকখন পলায়ন কৰা বুলি অভিযোগ উঠিছে। তাৰ পাছতে পিকআপ ট্ৰাক আৰু অন্যান্য বাহনে ট্ৰাকখনক খেদি খেদি লুমনছঙৰ ষ্টাৰ চিমেণ্ট কাৰখানাৰ চৌহদত প্ৰৱেশ কৰে।

ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত ক্ষুব্ধ এজন লোকে ট্ৰাকখনত উঠি চালকজনক প্ৰহাৰ কৰিবলৈ ধৰে। ইয়াৰ পিছতে ট্ৰাকচালকজনে পলাবলৈ চেষ্টা কৰাৰ সময়তে বলেৰ’ চালকজনক মহতিয়াই নিয়াত ঘটনাস্থলীতে মৃত্যু ঘটে চালকজনৰ।

ইফালে, এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। প্ৰায় ৩০০ জনীয়া এটা বৃহৎ ক্ষুব্ধ দলে ষ্টাৰ চিমেণ্ট কাৰখানাত লাঠি আৰু অস্ত্ৰৰে আক্ৰমণ কৰে। নিৰাপত্তাৰক্ষীৰ পোষ্ট, চিচিটিভি কেমেৰা ভাঙি পেলোৱাৰ লগতে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীকো আক্ৰমণ কৰে ক্ষুব্ধ লোকে।

জনসাধাৰণৰ ক্ষোভ ইয়াতেই স্তব্ধ হৈ নাথাকিল। ষ্টাৰ চিমেণ্ট কাৰখানাত ৰখাই থোৱা ১৪-১৫ খন ট্ৰাকত অগ্নিসংযোগ কৰে ৰাইজে। উত্তেজিত ৰাইজে জুই নিৰ্বাপন কৰিবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ লোককো ৰেহাই নিদিলে। উত্তেজিত জনতাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও ভাঙি পেলোৱাৰ চেষ্টা চলায়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায় যদিও তেওঁলোককো ৰাইজে আক্ৰমণ কৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী বিভাগে অতিৰিক্ত বাহিনী প্ৰেৰণ কৰে।

আৰক্ষী অধীক্ষকে জনোৱা মতে, ষ্টাৰ চিমেণ্ট কাৰখানাত এতিয়া নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে। কোনো ধৰণৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ উচ্চ পদস্থ বিষয়াই পৰিস্থিতি নীৰিক্ষণ কৰি আছে।

ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। একে সময়তে মৃত বলেৰ’ চালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে খালিয়াৰিয়াট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave a Comment