অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিবাহ সম্পন্ন কৰি ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাছ, ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ বিবাহ সম্পন্ন কৰি পুৱতি নিশা পুনৰ ঘৰলৈ আহি থকাৰ সময়তে বৰযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয় ৫ জনকৈ লোকে।

দেওবাৰে পুৱতি নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশ সীমান্তৱৰ্তী মহোই গাঁৱৰ সমীপত।

বিবাহ যাত্ৰী কঢ়িওৱা বাছখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ ঘটাত থিতাতে মৃত্যু ঘটে বাছখনৰ চালক, হেণ্ডিমেন আৰু ৩ বৰযাত্ৰীৰ।

image 8

আনহাতে এই দুৰ্ঘটনাত আন ১০ জন লোকো আহত হোৱা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আহত সকলক উদ্ধাৰ কৰি জিলা হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, শনিবাৰে ৰেন্ধাৰ থানা এলেকাৰ মাহেলা গাঁৱৰ নিৱাসী মল্লু পালৰ দুই পুত্ৰ পাপ্পু আৰু সুনীল পালৰ বিবাহ সম্পন্ন হৈছিল ৰামপুৰ থানা এলেকাৰ ধুটা গাঁৱৰ নিৱাসী ৰামধনি পালৰ দুই কন্যাৰ সৈতে।

image 9

উমৰি চহৰৰ শিৱশংকৰ গাৰ্ডেনত অনুষ্ঠিত হৈছিল বিবাহ অনুষ্ঠান।

নিশা বিয়াৰ ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছত প্ৰায় ৬০ জন বিবাহ যাত্ৰীক লৈ বাছখন উভতিছিল মাধেলা গাঁৱলৈ।

image 10

সেই সময়তে ভিন্দৰ ফালৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মহোই গাঁৱৰ সমীপত সংঘৰ্ষ ঘটে বাছখনৰ।

এই দুৰ্ঘটনাত নিহত সকলক বাছ চালক কল্লু, কণ্ডাক্টৰ বিকাশ আৰু বৰযাত্ৰী ৰঘুনন্দন, কুলদ্বীপ আৰু শিৰোমণি বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটোত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।