নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত সহকাৰী শাখা বিষয়া

নিউজ ডেস্কঃ কেৰালাৰ বিধানসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নিৰ্বাচনী আয়োগৰ এক পত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চীল থকাক কেন্দ্ৰ কৰি সোমবাৰে আৰম্ভ হয় এক প্ৰচণ্ড ৰাজনৈতিক বিতৰ্কৰ। ২০১৯ চনৰ নিৰ্বাচনী নিৰ্দেশনা সম্বলিত এখন চৰকাৰী পত্ৰত বিজেপিৰ কেৰালা শাখাৰ মোহৰ স্পষ্টকৈ দেখা পোৱাৰ পিছতে দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰাৰ গুৰুতৰ অভিযোগ বিৰোধীয়ে ধাৰাবাহিকভাৱে উত্থাপন কৰি অহাৰ সময়তে আয়োগৰ চৰকাৰী পত্ৰত এইদৰে বিজেপিৰ মোহৰ লগাক লৈ পুনৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিআই(এম)ৰ দৰে বিৰোধী দলসমূহ।

image 41
নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত সহকাৰী শাখা বিষয়া 3

ইফালে, এই সমগ্ৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়া ৰতন ইউ কেলকাৰে এই সমগ্ৰ ঘটনাক এক ‘কেৰাণীগত ভুল’ বুলি অভিহিত কৰি ইতিমধ্যে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি স্পষ্টীকৰণ দিয়ে।

ঘটনাৰ বিৱৰণ অনুসৰি, বিজেপিৰ কেৰালা গোটটোৱে শেহতীয়াকৈ ২০১৯ চনৰ প্ৰাৰ্থীৰ অপৰাধমূলক ইতিহাস প্ৰকাশৰ নিৰ্দেশনা সন্দৰ্ভত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল। সেই আবেদনৰ সৈতে বিজেপিয়ে নিজাকৈ মোহৰ মৰা পত্ৰখনৰ এটা ফটোকপি জমা দিছিল।

image 42
নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত সহকাৰী শাখা বিষয়া 4

নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে সাৱধানতা অৱলম্বন নকৰাকৈয়ে সেই নিৰ্দিষ্ট কপিটোকে আন ৰাজনৈতিক দলসমূহলৈ প্ৰেৰণ কৰাত এই বিসংগতিৰ সৃষ্টি হয়। চিপিআই(এম) দলে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত উক্ত পত্ৰখনৰ কপি শ্বেয়াৰ কৰি বিজেপি আৰু নিৰ্বাচনী আয়োগৰ মাজত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপন কৰে।

এই গুৰুতৰ গাফিলতিৰ পৰিপ্ৰেক্ষিতত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এজন সহকাৰী শাখা বিষয়াক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। নিৰ্বাচনী বিষয়াজনে জনোৱা মতে, ২০১৯ চনৰ পৰা নিৰ্দেশনাসমূহ ইতিমধ্যে সংশোধন কৰা হৈছে আৰু সেই বিষয়ে সকলো ৰাজনৈতিক দলক জনোৱা হৈছে। এই অনাকাংক্ষিত কাৰ্যৰ বাবে যাতে কোনো ভুল বাৰ্তা বিয়পি নপৰে, তাৰ বাবেও আয়োগে সকলোকে আহ্বান জনাইছে।

Leave a Comment