১৩ বছৰীয়া যন্ত্ৰণাৰ অৱসান! ইচ্ছামৃত্যুৰ জৰিয়তে দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ হৰিশ ৰাণাৰ

নিউজ ডেস্কঃ অৱশেষত অৱসান ঘটিল সুদীৰ্ঘ ১৩ বছৰীয়া যন্ত্ৰণাৰ! উচ্চতম ন্যায়ালয়ৰ এটা কঠিন ৰায়ৰ পাছত ইচ্ছামৃত্যু সম্পন্ন হ’ল চফল ডেকা হৰিশ ৰাণাৰ। দিল্লীস্থ এইমছত চিকিৎসকৰ তত্বাৱধানত শেষ বিদায় জনোৱা হয় হৰিশ ৰাণাক। ২০১৩ চনত মগজুৰ গুৰুতৰ আঘাতৰ ফলত ক’মাত পৰা ৰাণাক ইমান দিনে কেৱল কৃত্ৰিম যন্ত্ৰৰ সহায়ত জীয়াই ৰখা হৈছিল।

পৰিয়ালৰ সদস্যসকলে দীৰ্ঘদিন ধৰি তেওঁৰ আৰোগ্যৰ আশাৰে চিকিৎসালয়ৰ বিচনাৰ কাষতে উৎসৱ-পাৰ্বন পালন কৰিছিল যদিও চিকিৎসকৰ দলে তেওঁৰ সুস্থ হোৱাৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছিল। এই মৰ্মান্তিক পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়ালে পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাৰ্যালয়ৰ কাষ চাপিবলৈ বাধ্য হয়।

image 43
১৩ বছৰীয়া যন্ত্ৰণাৰ অৱসান! ইচ্ছামৃত্যুৰ জৰিয়তে দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ হৰিশ ৰাণাৰ 3

ভাৰতত সন্মিলিত ইচ্ছামৃত্যু বা প্যাচিভ ইউথেনাচিয়াৰ আইনী ভেটি নিৰ্মাণত হৰিশ ৰাণাৰ এই গোচৰটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ন্যায়ালয়ে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত মৰ্যাদাৰে মৃত্যুবৰণ কৰাটোও জীৱনৰ অধিকাৰৰ অংশ বুলি স্বীকৃতি দি কঠোৰ নিৰ্দেশনাৰ মাজত ৰাণাক এই অনুমতি প্ৰদান কৰে।

image 44
১৩ বছৰীয়া যন্ত্ৰণাৰ অৱসান! ইচ্ছামৃত্যুৰ জৰিয়তে দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ হৰিশ ৰাণাৰ 4

১৩ বছৰ ধৰি এক যন্ত্ৰণাদায়ক অপেক্ষাৰ অন্তত ৰাণাৰ বিয়োগে তেওঁৰ পৰিয়ালটোলৈ এক চৰম শূন্যতা নমাই অনাৰ লগতে এক দীঘলীয়া আইনী যুঁজৰো অন্ত পেলায়।

উল্লেখ্য যে, যদিও ন্যায়ালয়ে মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ দিছে, তথাপিও ভাৰতত ইয়াৰ আইনী প্ৰক্ৰিয়া আৰু চিকিৎসালয়ৰ নীতি-নিয়মসমূহ আজিও যথেষ্ট জটিল হৈ আছে।

Leave a Comment