প্ৰতিবাদৰ মাজতে মহিলা-যুৱতীক জলকীয়াৰ গুড়ি বিলালে বিজেপি কৰ্মীয়ে, কিন্তু কিয়?

কলকাতাঃ পশ্চিম বংগত মহিলাৰ সুৰক্ষাৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিছে ৰাজ্যিক বিজেপি। মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলৰ মহিলা কৰ্মীসকলে ‘অপাৰেচন লাল মিৰ্চ’ গ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত আত্মৰক্ষাৰ মাধ্যম হিচাপে কলকাতাৰ ছল্ট লেক মেট্ৰ’ ষ্টেচনৰ সমীপত সাধাৰণ মহিলা যাত্ৰীৰ মাজত জলকীয়া গুড়িৰ পেকেট বিতৰণ কৰে বিজেপিৰ মহিলা কৰ্মীসকলে।

বিশেষকৈ শেহতীয়াকৈ পশ্চিম বুৰ্ডৱান জিলাৰ দুৰ্গাপুৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী এগৰাকীক দলবদ্ধ ধৰ্ষণ সংঘটিত হোৱাৰ ঘটনাই ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি ভয়াৱহভাৱে অৱনতি ঘটিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। সেই ঘটনাৰ পিছৰে পৰা ৰাজ্যত মহিলাৰ সুৰক্ষাক লৈ ক্ষোভৰ সৃষ্টি হৈছে।

বিজেপিৰ এগৰাকী মহিলা মৰ্চাৰ কৰ্মীয়ে কয়, ‘আমি মাতৃ-ভগ্নীক জলকীয়াৰ গুড়ি দিছো যাতে তেওঁলোকে প্ৰয়োজন হ’লে আত্মৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। আমাৰ বাৰ্তা স্পষ্ট- আমি নিজৰ নিৰাপত্তা নিজৰ হাতত ল’ব লাগিব।’

image 1
প্ৰতিবাদৰ মাজতে মহিলা-যুৱতীক জলকীয়াৰ গুড়ি বিলালে বিজেপি কৰ্মীয়ে, কিন্তু কিয়? 2

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছোৱালী-যুৱতীক ৰাতি বাহিৰলৈ ওলাই নাযাবলৈ দিয়া পৰামৰ্শকো সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। আই টি কোম্পানীৰ এজন কৰ্মীয়ে কয়, “২০২৫ চনত এই চিন্তাধাৰা গ্ৰহণযোগ্য নহয়, আমি ৰাতিলৈকে কাম কৰোঁ, গতিকে আমি ওলাই গ’লে আমাৰ দোষ কিয়?”

উল্লেখ্য যে, দুৰ্গাপুৰ কাণ্ডত শুকুৰবাৰে নিশা বন্ধুৰ সৈতে বাহিৰত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত ওড়িশাৰ বাসিন্দা ২৩ বছৰীয়া এগৰাকী ছাত্ৰী আক্ৰমণৰ বলি হৈছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে এই ঘটনাক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰি কয় যে চৰকাৰে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ শূন্য সহনশীলতা নীতি মানি চলে৷ ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ নিয়ম মানি চলিবলৈ আহ্বান জনাই কয়, “পুলিচে প্ৰতিটো দুৱাৰমুখত পহৰা দিব নোৱাৰে, গতিকে ছাত্ৰ-ছাত্ৰীয়ে সাৱধান হ’ব লাগে।” অৱশ্যে তেওঁৰ মন্তব্য বিকৃত হোৱা বুলি দাবী কৰে।

Leave a Comment