অসমীয়াঅসম

এবাৰ সাপে খুঁটিলে কেঁচুলৈও ভয়, আমাকতো দুবাৰ খুঁটিছে আজমলেঃ ভূপেন বৰা

নিউজ ডেস্ক। ‘এবাৰ সাপে খুঁটিলে, কেঁচুলৈও ভয়। আজমলে আমাক দুবাৰ খুঁটিছে।’- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত প্ৰাসংগিক হৈ পৰা এআইইউডিএফৰে মিত্ৰতা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই।

উল্লেখ্য যে, শেহতীয়াকৈ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে ঈদৰ সময়ত গৰু কোৰবানী নিদিবলৈ আহ্বান জনাইছিল মুছলমান সমাজক। তদুপৰি বিজেপি চৰকাৰক আজমলে প্ৰশংসাৰে উপচাই পেলোৱাৰ সমান্তৰালভাৱে আজমলৰো প্ৰশংসাত গদগদ হৈ পৰে বিজেপি।

এনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা হ’ব নেকি সেই সম্পৰ্কে উত্থাপন হোৱা প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ইতিমধ্যে বদৰুদ্দিন আজমলে কংগ্ৰেছক দুবাৰকৈ বিশ্বাস ঘাতকতা কৰি থৈছে।

বিধানসভা নিৰ্বাচনত আৰু তাৰ পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফে কংগ্ৰেছক বিশ্বাস ঘাতকতা কৰা বুলি উল্লেখ কৰি ভূপেন বৰাই কয়, ‘এবাৰ সাপে খুঁটিলে, কেঁচুলৈও ভয়। আমাকতো দুবাৰ খুঁটিলে।’ আনহাতে প্ৰাক্তন কংগ্ৰেছী ৰিপুণ বৰাক কটাক্ষ কৰি ভূপেন বৰাই কয়, ‘এআইইউডিএফৰ সৈতে যিজনে মিত্ৰতা কৰিলে, সেইজনেই প্ৰথম সৰ্পদংশনৰ স্বীকাৰ হ’ল।’

ইফালে আজমলক বুঢ়া আঙুলি দেখুৱাই প্ৰয়াত তৰুণ গগৈয়ে তিনিবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বুলি মনত পেলাই দি ভূপেন বৰাই কয়, ‘আজমলৰ সৈতে হাত মিলোৱাৰ আগতে কংগ্ৰেছৰ কি অৱস্থা আছিলে আৰু হাত মিলোৱাৰ পিছত কি অৱস্থা হ’ল সেয়া সকলোৱে জানে।’

আনহাতে বদৰুদ্দিন আজমলৰ বাবে ৰাজনীতি, ধৰ্মতকৈ উৰ্ধ্বত ব্যৱসায় বুলি মন্তব্য কৰে ভূপেন বৰাই। তেওঁ কয় যে বিজেপিৰ সৈতে আজমলৰ ‘গিভ এণ্ড টেক’ ব্যৱসায় চলি আছে।

Related Articles

Back to top button