অসমীয়াআন্তঃৰাষ্ট্ৰীয়

চিকাগোৰ গুলিচালনা কাণ্ড! কি কাৰণে ২২ বছৰীয়া ইউটিউবাৰে সংঘটিত কৰিলে এই ঘটনা…

নিউজ ডেস্কঃ ৪ জুলাইত চিকাগোৰ নিৰ্বিচাৰ গুলিচালনাৰ ঘটনাক লৈ বিশ্বজুৰি অব্যাহত আছে চাঞ্চল্য। স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত এজন অস্ত্ৰধাৰী দুৰ্বৃত্তই সংঘটিত কৰা নিৰ্বিচাৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱাইছিল ৬জনকৈ লোকে। এই ঘটনাত আহত হৈছিল ৩৬ জনৰো অধিক লোক।

এই গুলীবৰ্ষণৰ ঘটনাৰ পিছতে চিকাগো আৰক্ষীয়ে হাইলেণ্ড পাৰ্ক অঞ্চলৰ ৰবাৰ্ট ই ক্ৰিমো তৃতীয় নামৰ এজন ২২ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। পেছাত ইউটিউবাৰ যুৱকজনে সংঘটিত কৰা ভয়ংকৰ কাণ্ডক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

চিকাগো আৰক্ষীৰ সূত্ৰ অনুসৰি, আক্ৰমণকাৰীজনে চিকাগোৰ বিভিন্ন ঠাইত প্ৰায় আঠ ঘণ্টা ধৰি গুলীচালনা কৰিছিল।

image 49

ৰবাৰ্টক গ্ৰেপ্তাৰ কৰা ভিডিঅ’টো ইতিমধ্যে চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অভিযুক্তৰ গাড়ীখন কেইবাখনো আৰক্ষীৰ গাড়ীৰে আগুৰি ধৰি তেওঁক আত্মসমৰ্পণ কৰিবলৈ কোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পিছত, অভিযুক্তই পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰে ৰবাৰ্টক।

আৰক্ষীয়ে সদৰী কৰা মতে, ২২ বছৰীয়া অভিযুক্তজন এজন ইউটিউবাৰ। হাইলেণ্ড পাৰ্কৰ নিৱাসী যুৱকজনৰ আছে কেইবাটাও ইউটিউব চেনেল।

অভিযুক্তৰ ইউটিউব চেনেলত আপলোড কৰা বহু কেইটা ভিডিঅ’ ইতিমধ্যে তথ্যৰ সন্ধানত প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে। তাৰে এটা ভিডিঅ’ত, ৰবাৰ্টে একাংশ বন্ধুৰ সৈতে স্কুলত বন্দুকেৰে আক্ৰমণৰ বিষয়ে কথা পাতি থকা দেখা গৈছিল।

চিকাগো আৰক্ষীয়ে যুৱকজনে কিয় আক্ৰমণটো সংঘটিত কৰিলে আৰু যুৱকজনৰ সৈতে আন কোনোবা জড়িত আছিল নেকি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।