সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি…

ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি।

পূৰ্বে এই পদত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

ইপিনে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে আনন্দিত হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা।

নতুন গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিতৌ ১৮-২০ ঘন্টা কাম কৰে, ময়ো সেই অনুযায়ী মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ চেষ্টা কৰিম বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

সাংসদৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদ সুন্দৰভাৱে চম্ভালিবলৈ চেষ্টা কৰিম বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।