শোকাবহ! মাছ মাৰিবলৈ গৈ সৰ্প দংশনত মৃত্যু যুৱকৰ, জীয়াই তুলিব পাৰিলে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা পৰিয়ালৰ…

নিউজ ডেস্কঃ মাছ মাৰিবলৈ যোৱাৰ সময়তে সৰ্প দশংনত অকাল মৃত্যুক সাৱটিলবলগীয়া হ’ল এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হাজোত।

জানিব পৰা মতে, হাজোৰ দিহিনা গাঁৱৰ নিৱাসী শান্তৰাম দাস নামৰ যুৱকজনে ঘৰৰ কাষতে মাছ মাৰিবলৈ গৈছিল।

সেই সময়তে যুৱকজনক বিষাক্ত সাপে দংশন কৰাত ততাতৈয়াকৈ তেওঁক হাজোৰ এফআৰইউলৈ নিয়ে যদিও সৰ্প দংশনৰ চিকিৎসাৰ অভাৱত যুৱকজনৰ অৱস্থাৰ অৱনতি ঘটে।

তাৰ পৰা শান্তৰাম দাসক পৰৱৰ্তী সময়ত জিএমচিএইছলৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই যুৱকজনৰ মৃ্ত্যু ঘটে।

পৰিয়ালৰ লোকে চিকিৎসাৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু ঘটাৰ অভিযোগ তুলিছে।

অন্যহাতে যুৱকজনৰ মৃত্যুৰ পিছত গ্ৰাম্য পৰম্পৰা অনুসৰি কলৰ ভূঁৰত যুৱকজনৰ মৃতদেহ বৰলীয়া নৈত উটুৱাই দিয়ে পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে।

লগতে এখন ফলক আঁৰি সৰ্প দংশনত মৃত্যু ঘটা শান্তৰাম দাসক কোনোৱে জীয়াই তুলিব পাৰিলে ৫ লাখ টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰে পৰিয়ালৰ লোকে।