APDCLৰ বিলৰ নামত গ্ৰাহকক ভুৱা SMS কৰি বৃহৎ ধনৰ লুণ্ঠন চলোৱা ৪ চাইবাৰ অপৰাধীক ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলৰ নামত গ্ৰাহকক আতংকিত কৰি ধন সৰকাই অহা এটা প্ৰৱঞ্চনা চক্ৰৰ ৪ সদস্যক ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

উল্লেখ্য যে, এই দুষ্ট চক্ৰটোৱে এপিডিচিএলৰ নামত অসমৰ গ্ৰাহকক মেছেজ কৰি বকেয়া বিদ্যুৎ বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ কৰ্তন কৰা হ’ব বুলি প্ৰথমে ভয় খুৱাই। যাৰ ফলত বহু গ্ৰাহকে আতংকিত হৈ মেছেজযোগে প্ৰেৰণ কৰা লিংকত ক্লিক কৰি বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ গৈ আৰ্থিক প্ৰৱঞ্চনাৰ সন্মুখীন হ’বলগীয়া হয়।

শেহতীয়াকৈ এই প্ৰৱঞ্চনা চক্ৰটোৰ বিষয়ে এপিডিচিএলৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে অসম আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰে। তাৰ পিছতে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন নাথৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত কৰি এই চক্ৰটো ঝাৰখণ্ডৰ পৰা পৰিচালিত হোৱা বুলি নিশ্চিত হয়।

photo1660895507
APDCLৰ বিলৰ নামত গ্ৰাহকক ভুৱা SMS কৰি বৃহৎ ধনৰ লুণ্ঠন চলোৱা ৪ চাইবাৰ অপৰাধীক ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ 2

ইয়াৰ পিছতে ঝাৰখণ্ড আৰক্ষীৰ সঞ্চালকপ্ৰধান জয়ন্ত সিঙৰ যোগাযোগ কৰি তথা ঝাৰখণ্ডৰ জামতাৰা জিলাৰ আৰক্ষী অধীক্ষক অসম সন্তান মনোজ স্বৰ্গীয়াৰীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৪ প্ৰৱঞ্চকক।

ধৃত প্ৰৱঞ্চক কেইজনৰ পৰিচয় পূৰণ কুমাৰ মণ্ডল (১৯), পরন মণ্ডল (৩২), নীতেশ কুমাৰ মণ্ড (১৮) আৰু প্ৰীত কুমাৰ (১৭) জানিব পৰা গৈছে।

ইফালে ঝাৰখণ্ডত গ্ৰেপ্তাৰ হোৱা আটাই কেইজন প্ৰৱঞ্চকক ট্রেনজিট ৰিমাণ্ডত অসমলৈ অনাৰ প্ৰস্তুতি চলাইছে অসম আৰক্ষীয়ে। এই প্ৰৱঞ্চনা চক্ৰটোৱে বিদ্যুতৰ অনাদায় বিল পৰিশোধৰ নামত গ্ৰাহকক আতংকিত কৰি বৃহৎ ধন লুণ্ঠন কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।