অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! যাত্ৰীবাহী বাছৰ সৈতে সংঘৰ্ষ টাটা নেক্সনৰ, থিতাতে মৃত্যু ৪ বন্ধুৰ, আহত এজন

নিউজ ডেস্কঃ যাত্ৰীবাহী বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৪ বন্ধুৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ ৰায়পুৰ-জগদলপুৰ ৩০নং ৰাষ্ট্ৰীয় ঘাইপথত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰায়পুৰৰ পৰা জগদলপুৰ অভিমুখে গৈ থকা পায়েল ট্ৰেভেলছৰ এখন যাত্ৰীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন টাটা নেক্সন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

image 143

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোত চাৰিচকীয়া বাহনখনত থকা ৪ জন যুৱকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন যুৱক।

নিহত যুৱক কেইজন জগদলপুৰ নিৱাসী বুলি জানিব পৰা গৈছে। আনহাতে আহত যুৱকজনৰ ঘৰ চুকমা জিলাত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

image 142

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। লগতে নিহত সকলৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

পুৱতি নিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।