দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান…

দিল্লীত চি বি আইৰ বৃহৎ অভিযান।

উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহটো চলিছে এই অভিযান।

টুইটাৰৰ জৰিয়তে মনীষ চিছোদিয়াই নিজেই এই কথা প্ৰকাশ কৰিছে।

দিল্লীৰ আবকাৰী নীতিৰ বিষয়ত শুকুৰবাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকে ধৰি আইএএছ বিষয়া আৰৱ গোপী কৃষ্ণাৰ চৌহদৰ লগতে ২১ টা স্থানত তালাচী চলায়।

পুৱা ৭:৩০ বজাত চিবিআইৰ দলটো মনীষ চিছোদিয়াৰ ঘৰত উপস্থিত হয় আৰু ছয়জন চিবিআই বিষয়াই মনীষ চিছোদিয়াক সোধা-পোছা কৰে।

দিল্লীৰ বিখ্যাত সুৰা নীতিৰ অনিয়মৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) কাৰ্যকৰী হৈছে। চিবিআইৰ দলটোৱে মনীষ চিছোদিয়াৰ ঘৰত ৫ ঘণ্টা ধৰি সোধা-পোচা কৰে।

এই সন্দৰ্ভত মনীষ চিছোদিয়াই কয় যে, দিল্লী চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডত অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে তেওঁলোকক বাধা দিয়া হৈছে। যিজনে দেশত ভাল কাম কৰে তেওঁক হাৰাশাস্তি কৰা হয়। সেয়েহে আমাৰ দেশ এতিয়াও এক নম্বৰ হোৱা নাই।

মনীষ চিছোদিয়াই চি বি আইৰ দলক সম্পূৰ্ণ সহযোগিতা কৰাৰ কথা উল্লেখ কৰি কয়- এতিয়ালৈকে, মোৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু কৰা হৈছে কিন্তু একো ওলাই অহা নাই। ইয়াৰ পৰাও একো ওলাই নাযাব। দেশত ভাল শিক্ষাৰ বাবে মোৰ কাম বন্ধ কৰিব নোৱাৰিব।