জ্যেষ্ঠ সাংবাদিক মিলন মহন্তৰ কাব্যগ্ৰন্থ “আমি দুখত নাই” উন্মোচন বিশিষ্ট কবি নীলিম কুমাৰৰ

কবিয়ে মানুহৰ পক্ষত থাকি কবিতা লিখিছেঃ নীলিম কুমাৰ

Milan Mahanta Poetry Book 1
জ্যেষ্ঠ সাংবাদিক মিলন মহন্তৰ কাব্যগ্ৰন্থ "আমি দুখত নাই" উন্মোচন বিশিষ্ট কবি নীলিম কুমাৰৰ 6

নিউজ ডেস্ক। দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ সভাকক্ষত আজি প্ৰগতিশীল কবি, সাংবাদিক মিলন মহন্তৰ তৃতীয় কাব্যগ্ৰন্থ ‘আমি দুখত নাই’ উন্মোচন কৰে অসমৰ বিশিষ্ট কবি নীলিম কুমাৰে।

এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদীয়মান কবি, লেখক ধনমণি দাসে আঁত ধৰা আৰু এই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজ্যোতি দাসৰ সঞ্চালনাত অনুষ্ঠিত এই উন্মোচনী সভাত কবি নীলিম কুমাৰে কয় কবিতাক আমি সাধাৰণ মানুহৰ মাজলৈ লৈ যাব লাগিব।

Milan-Mahanta-Poetry-Book-Inauguration
গ্ৰন্থ উন্মােচনী অনুষ্ঠানৰ দৃশ্য

ইয়াৰ দায়িত্ব কবিসকলৰ ওপৰতেই। মিলন মহন্তই মানুহৰ পক্ষত থাকি কবিতা লিখিছে। কবিতাক মানুহৰ লগত আৰু মানুহক কবিতাৰ লগত সম্পৰ্কিত কৰিব পৰাকৈ তেওঁ এটা অৱস্থাৰ সৃষ্টি কৰিছে। আমি দুখত নাই কথাষাৰেৰে কবিয়ে তীব্ৰ ব্যংগ কৰি মানুহৰ অপাৰ দুখৰ কথাকেই ব্যঞ্জিত অৰ্থত কৈছে।

Milan Mahanta Poetry Book 2
উন্মােচক কবি নীলিম কুমাৰ

মালিয়াটা অফছেট প্ৰেছ মিৰ্জাৰ স্বত্বাধিকাৰী মনোজ কুমাৰ দাসে প্ৰকাশ কৰি উলিওৱা ২৪০ টা কবিতাৰে মিলি মুঠ ৩৬৫ পৃষ্ঠাৰ এই কাব্যগ্ৰন্থ ‘আমি দুখত নাই” এই কাব্যগ্ৰন্থৰ উন্মোচনী সভাখনি মুকলি কৰি প্ৰগতিশীল লেখক মইনা গোস্বামীয়ে কয় প্ৰতিজন মানুহেই পঢ়ুৱৈ। কিন্তু এতিয়াও সকলো মানুুহেই পঢ়িব পৰাৰ অৱস্থা গঢ়ি উঠা নাই। প্ৰতিজন মানুহেই কবি। কিন্তু প্ৰতিজন মানুহৰে কবিসত্তা জাগি উঠা নাই। মিলন মহন্তৰ কবিতা মানে সকলোৰে বুকুৰ কথাবোৰ তেওঁ লিখিব খুজিছে।

Milan Mahanta Poetry Book 3
মইনা গোস্বামী

প্ৰতিবাদ বিক্ষোভ তেওঁৰ কবিতাৰ বক্তব্য। প্ৰগতিশীল লেখক নৃপেন শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কবিতা আৰু মানুহৰ যি সম্পৰ্ক তাক নিকট কৰাৰ প্ৰয়াসত কবি মহন্ত ব্ৰতী বুলি কয়। ভৱিষ্যত তেওঁ মানুহৰ মাজতে থাকিব বুলি তেওঁ মত প্রকাশ কৰে।

কবি,সাংবাদিক মিলন মহন্তই কয় তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। এয়া তেওঁৰ দ্বিতীয় জন্ম বুলি কয়। মানুহৰ দুখ যন্ত্ৰণাৰ বিষয়ে লিখি তেওঁ নিজৰ সামাজিক দায়বদ্ধতাৰ কথা দাঙি ধৰিছে বুলি উল্লেখ কৰে।

Milan Mahanta Poetry Book 4
ধনমণি দাস

এই উন্মোচনী সভাত শিক্ষাবিদ মায়াৰাম দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাৰ অধ্যক্ষ ড. নৰকান্ত অধিকাৰী, বিশিষ্ট কবি অধীৰ চন্দ্ৰ দাস, শিল্পী আনন্দ দাস,সুজলা বৈশ্য, ৰুণু বৰ্মন, গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সাহিত্য সম্পাদক নৱকান্ত বৰুৱাই অংশগ্ৰহণ কৰি ভাষণ, গীত, আবৃত্তি পৰিৱেশন কৰে। আনহাতে কবি মিলন মহন্তৰ চতুৰ্থ কাব্যগ্ৰন্থৰো কাম অব্যাহত থকা বুলি কয়।

Leave a Comment