নিউজ ডেস্কঃ আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু অভিযোগ-প্ৰত্যাভিযোগৰ এখন অঘোষিত যুঁজৰ নামেই হৈছে ৰাজনীতি। বহুতেই কোৱাৰ দৰে ৰাজনীতিত হয়তো ৰাইজৰ কোনো নীতিৰ কথা নাহে। ৰাজনীতি একপ্ৰকাৰ হৈছে কিদৰে আনক হেয় প্ৰতিপন্ন কৰিব পাৰি, তাৰহে কুচকাৱাজ।
অসমৰ ৰাজনীতিত শেহতীয়াকৈ প্ৰতিটো ৰাজনৈতিক দলৰ এনে কুচকাৱাজ তীব্ৰতৰ হৈ উঠা দেখা গৈছে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজক শক্তিশালী বুলি দাবী কৰাৰ স্বাৰ্থত নিকৃষ্ট মন্তব্য কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিটো দলৰ ৰাজনৈতিক নেতা-পালিনেতা।
অসমৰ ৰাজনীতিত শেহতীয়াকৈ চৰ্চিত হৈ থকা কংগ্ৰেছ আৰু এআইইউডিএফ প্ৰসংগত পুনৰ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্য চৰকাৰৰ ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মধুৰ সম্পৰ্ক আছে বুলি দাবী কৰি জয়ন্ত মল্ল বৰুৱাই কয়, ‘প্ৰয়োজনৰ তাগিদাত আজমলৰ সৈতে সদায় যোগ হয় কংগ্ৰেছ।’
কংগ্ৰেছৰ গান্ধী পৰিয়ালে আজমলৰ নিজৰ ভাতৃৰ দৰেই ভাৱে বুলি মন্তব্য কৰি কথাচহকী জয়ন্তমল্ল বৰুৱাই কয়, ‘আজমলৰ নাম নল’বলৈ কংগ্ৰেছক গান্ধী পৰিয়ালে বাধা দিছে। আজমলৰ লগত মধুৰ সম্পৰ্ক আছে কংগ্ৰেছৰ। আজমলৰ বেয়া কামকবোৰক সমালোচনা কৰা বাবে বাধা দিয়া হৈছে। গান্ধী পৰিয়ালৰ নিৰ্দেশ – আজমল আমাৰ ভাতৃ।’’
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই কেতিয়াও আজমলক সমালোচনা নকৰে। সেইদৰে আজমলেও কেতিয়াও ৰাহুল-ছোনিয়াক সমালোচনা নকৰে। কেৱল ৰাইজক বিভ্ৰান্ত কৰিবলৈহে ৰাজ্যিক নেতৃত্বই এইবোৰ কৰি থাকে।’
সমাগত লোকসভা নিৰ্বাচনক লক্ষ্য কৰি অসমত বিজেপিয়ে শক্তিশালী ভেটি গঢ়ি তুলিছে বুলি মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে যিসমূহ সমষ্টি বিৰোধীৰ দখলত আছে, তাত বিজেপিয়ে একোগৰাকীকৈ ৰাজ্যসভা সাংসদ নিয়োগ কৰিছে। বিজেপিৰ প্ৰতিটো নিৰ্বাচত ২০-২৫ শতাংশৰ টিকট কৰ্তন কৰি নতুন মানুহক সুযোগ প্ৰদান কৰা হয় বুলিও মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই।









